26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    টকাসহ দুদিন ধৰি সন্ধানহীন হৈ থকা বেংকৰ কৰ্মচাৰী কৃষ্ণ বৈশ্যৰ মৃতদেহ উদ্ধাৰ

    টকাসহ দুদিন ধৰি সন্ধানহীন হৈ থকা নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ কৰ্মচাৰী কৃষ্ণ বৈশ্যৰ অৱশেষত মৃতদেহ উদ্ধাৰ। নগাঁৱৰ কঠিয়াতলী শাখাৰ নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ কৰ্মচাৰীৰ আছিল কৃষ্ণ ৷

    দুদিন সন্ধানহীন হৈ থকাৰ পিছত আজি ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় যুৱক জনৰ মৃতদেহ ৷ যি ঘটনাই বৰ্তমানে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ কঠিয়াতলী অঞ্চলতেই। কোনো দূৰ্বৃত্তই হাত ভৰি বান্ধি ডিঙি কাটি হত্যা কৰি ধন লৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷

    উল্লেখ্য যে, কন্দলী আৰু কচুবস্তিৰ পৰা ঋনৰ ধন উঠাবলৈ গৈ বিগত দুদিন ধৰি সন্ধানহীন হৈ আছিল হাজোৰ কৃষ্ণ বৈশ্য নামৰ যুৱক জন ৷ যুৱক জনে ঋনৰ ৫৪ হাজাৰ টকা সংগ্ৰহ কৰি আৰু বেংকলৈ ঘূৰি আহিব নোৱাৰিলে ৷

    ঘটনা সন্দৰ্ভত কঠিয়াতলী আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰিছিল বেংক কৰ্তৃপক্ষই ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই যুৱকজনৰ মবাইল লোকেচন চাই বামুনীৰ বিভিন্ন স্থানত অভিযান চলাইছিল যদিও যুৱক জনৰ কোনো সন্ধান লাভ কৰা নাছিল ৷

    কিন্তু শুকুৰবাৰে সন্ধিয়া স্থানীয় লোকে এখন খেলপথাৰৰ কাষৰীয়া জংঘলত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আনহাতে দুৰ্বৃত্তৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷

    Input and Photo Credit: Madhab Bhuyan

    আৰু পঢ়ক : অসমত কেতিয়া হ’ব বিধানসভাৰ নিৰ্বাচন! কোনে বিয়পাইছে মিছা খবৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং