25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আপোনাৰ বেংকৰ টকাৰ ওপৰত হেকাৰৰ চকু! নিমিষতে নোহোৱা হ’ব পাৰে জমা টকা

    আপোনাৰ বেংক একাউণ্টত লাখৰ অধিক টকা আছে নেকি।যদি আছে তেন্তে সাৱধান হওক আপুনিও । কাৰণ হেকাৰৰ চকু এইবাৰ আপোনাৰ কষ্টোপাৰ্জিত ধনৰ ওপৰত।

    লংকাৰ জয়নবা বেগম নামৰ মহিলা  গৰকী এখন ব্যক্তিগত চিকিৎসালয়ৰ নিম্ন বৰ্গৰ কৰ্মচাৰী।মহিলা গৰাকীয়ে নিজৰ কষ্টোপাৰ্জিত ধন ৰাখিছিল লংকা শাখাৰ SBI বেংকত।

    মহিলা গৰকীয়ে বৃহস্পতিবাৰে টকাৰ বিশেষ প্ৰয়োজন হোৱাত লংকা SBI পৰা টকা উলিয়াবলৈ গৈ মূৰত সৰগ ভাগি পৰিল।

     মহিলা গৰাকীৰ একাউণ্টৰ পৰা ইতিমধ্যে তিনিটা কিস্তিত ৩৮০০০ টকা নোহোৱাত মহিলা গৰাকীয়ে নিজৰ পাচবুক Upto date কৰতা সমগ্ৰ ঘটনা পোহৰলৈ আহে।

    হাৰিয়ানাৰ ৰৌতক চহৰৰ ATM ৰ পৰা কোনো দুবৃত্তই লুটি নিলে মহিলা গৰাকীৰ কষ্টোপাৰ্জিত ধন।সমগ্ৰ ঘটনা পোহৰলৈ আহাৰ পিছতে মহিলা গৰাকীয়ে লংকা SBI কতৃপক্ষৰ লগত যোগাযোগ কৰে আৰু লংকা আৰক্ষী থানাত  এজাহাৰ দাখিল কৰে।লগতে লংকা SBI শাখা প্ৰৱন্ধকলৈ ও লিখিত অভিযোগ দাখিল কৰে।

    Photo credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং