ৰোহেংগিয়া সকলৰ বিপৰ্যয়ঃ মানৱ অধিকাৰ খৰ্ব কৰি জনশূন্য দ্বীপলৈ পঠালে ৭০০০ত কৈ অধিক ৰোহেংগিয়া
এটা নিৰ্জন দ্বীপ আৰু লক্ষাধিক ৰোহেংগিয়া। বিগত বৰ্ষত ম্যানমাৰত বাস কৰা বাংলাদেশী ৰোহেংগিয়াসকলক নিজ ৰাষ্ট্ৰলৈ খেদি পঠোৱা হৈছিল। বহুসংখ্যক ৰোহেংগিয়াই নিকটৱৰ্তী ৰাজ্য সমূহতো আশ্ৰয় বিচৰাৰ পৰিলক্ষিত হৈছিল।
সেইসময়ত বাংলাদেশ চৰকাৰে একমুখে ৰোহেংগিয়াসকলক বাংলাদেশত ৰখা নহ’ব বুলি মন্তব্য প্ৰকাশ কৰিছিল। তাৰ পৰৱৰ্তী সময়তে বাংলাদেশ চৰকাৰে ৰোহেংগিয়াসকলক এটি নিৰ্জন দ্বীপলৈ প্ৰেৰণ কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰিছিল।
শেহতীয়াকৈ জানিব পৰামতে এই দ্বীপটোলৈ বৰ্তমানলৈ ডিচেম্বৰৰ পৰা বাংলাদেশ চৰকাৰে ৭০০০ ৰোহেংগিয়াক পঠাইছে। মানৱ অধিকাৰে সকলো প্ৰকাৰে ৰোহেংগিয়া শৰণাৰ্থীসকলক পঠোৱাৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ চেষ্টা কৰিছিল যদিও আকোঁৰগোজ বাংলাদেশ চৰকাৰে ইতিমধ্যে বাংলাদেশী নৌসেনাৰ সহায়ত হাজাৰ হাজাৰ শৰণাৰ্থী দ্বীপটোলৈ প্ৰেৰণ কৰিছে।
এই নিৰ্জন দ্বীপটো বিশেষকৈ প্ৰায় ১ লাখ ৰোহেংগিয়াই বাস কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। দ্বীপটোত ইতিমধ্যে বাংলাদেশ চৰকাৰৰ উদ্যোগত এখ সৰু চহৰ নিৰ্মাণৰ কাম প্ৰায়েই সম্পূৰ্ণ হৈছে। বাংলাদেশ চৰকাৰে জনোৱা অনুসৰি এই চহৰখন নিৰ্মাণৰ বাবে ২৭০ ডলাৰ আৱণ্টন কৰিছে। এই চহৰখনত বিদ্যালয়, মছজিদ, হাস্পতাল, দোকান বজাৰৰ পৰা প্ৰয়োজনীয় সকলো সুবিধাই উপলব্ধ হ’ব।
আনহাতে ৰোহেংগিয়াসকলে জনশূণ্য দ্বীপটোত বাস কৰিবৰ বাবে কোনো পধ্যেই মান্তি হোৱ নাছিল। দ্বীপটোত প্ৰবল বৃষ্টিপাত, ধুমুহা আৰু বানপানী হোৱাৰ কথাও প্ৰকাশ কৰিছিল।
বাংলাদেশ চৰকাৰে জনোৱা অনুসৰি উক্ত দ্বীপটোত মানুহ বসতিৰ বাবে ১২০টা বসতি স্থান নিৰ্মাণ কৰা হৈছে। প্ৰত্যেকটো বসতিস্থানত ৮০০ ৰ পৰা ১০০০ লোকে বসবাস কৰিব পাৰিব। প্ৰত্যেকটো পৰিয়ালৰ বসতিস্থানৰ দূৰত্ব ১২ফুটৰ পৰা ১৩ ফুট।