33 C
Guwahati
Monday, September 26, 2022
More

    ভয়ংকৰ আৰ্থিক সংকট! পেট্ৰ’ল-ডিজেলৰ মূল্য ৫০ শতাংশ বৃদ্ধি

    কৰ’ণাৰ বাবে মুদ্ৰাস্ফীতিৰ সন্মুখীন হোৱা বাংলাদেশৰ জনসাধাৰণক চৰকাৰে আন এক মোক্ষম আঘাত দিছে। চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য ৫১.৭ শতাংশ বৃদ্ধি কৰিছে, যিটো এতিয়ালৈকে সৰ্বাধিক বৃদ্ধি বুলি দাবী কৰা হৈছে।

    স্থানীয় সংবাদ মাধ্যমৰ মতে, ১৯৭১ চনৰ পিছত অৰ্থাত দেশৰ স্বাধীনতাৰ পিছত এয়া সৰ্বাধিক বৃদ্ধি। ইয়াৰ বাবে দেশখনৰ জনসাধাৰণ অত্যন্ত দুৰ্ভোগ ভুগিবলগীয়া হৈছে।

    বিভাগীয় মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি, মাজ নিশা ১২ বজাৰ পৰা কাৰ্যকৰী হোৱা নতুন মূল্য অনুসৰি এতিয়া এক লিটাৰ অক্টেনৰ মূল্য ১৩৫ টাকালৈ পৰিণত হৈছে, যিটো পূৰ্বৰ ৮৯ টাকাতকৈ ৫১.৭ শতাংশ বেছি।

    অৰ্থাৎ বাংলাদেশত এতিয়া এক লিটাৰ পেট্ৰ’লৰ দাম ১৩০ টাকা, অৰ্থাৎ যোৱা নিশাৰ তুলনাত ৪৪ টাকা বা ৫১.১ শতাংশ বৃদ্ধি।

    চৰকাৰী বিবৃতিটোত কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পোৱা ইন্ধনৰ মূল্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

    অধিক মূল্যত ইন্ধন ক্ৰয় কৰি কম দামত বিক্ৰী কৰি বাংলাদেশ পেট্ৰলিয়াম নিগমে ইতিমধ্যে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে বুলিও মন্ত্ৰালয়ে বিবৃতিটোত প্ৰকাশ কৰিছে।

    ভাৰতৰ উদাহৰণ দাঙি ধৰি মন্ত্ৰালয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পোৱা ইন্ধনৰ মূল্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতকে ধৰি আৰু বহু দেশে ইতিমধ্যে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে।

    ইফালে অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেশখনৰ সাধাৰণ জনতা ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং