25 C
Guwahati
Wednesday, October 20, 2021
More

    বাংলাদেশত ভংয়কৰ ঘটনা, পূজাৰ মণ্ডপ ভাঙি আক্ৰমণ কৰিলে সংখ্যালঘু লোকক, ৩জনৰ মৃত্যু

    ভাৰতবৰ্ষৰ চুবুৰীয়া দেশ বাংলাদেশত এই দূৰ্গা পূজাৰ বতৰত অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। একাংশ লোকে পূজাৰ মণ্ডৰ ভঙাৰ লগতে মুৰ্তি আদিয়ো ভাঙি পেলাইছে। লগতে দেশখনৰ সংখ্যালঘু লোতৰ ওপৰত আক্ৰমণ কৰিছে।

    যাৰ ফলত বৰ্তমানলৈ ৩ জন লোকে অতি কৰুণভাৱে মৃত্যুক সাৱতি লব লগা হৈছে। কমেও ৯টা পূজা মণ্ডপত একাংশ উদণ্ড লোকে ধ্বংস যজ্ঞ চলাই দুৰ্গাৰ প্ৰতিমা ভাঙি মণ্ডপৰত অগ্নি সংযোগো কৰে।

    বাংলাদেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো স্থান পাইছে এই খবৰে। লাভ কৰা খবৰ অনুসৰি বাংলাদেশৰ কোমিলা জিলাৰ এখন পূজা মণ্ডপত দুৰ্বৃত্তই  আক্ৰমণ চলাই প্ৰতিমা ভাঙি পেলায়।

    পবিত্ৰ কোৰান শ্বৰীফক অপমানৰ কৰা এক উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছতে এই ভয়ংকৰ আক্ৰমণৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে। পূজা মণ্ডপত থকা কোনো মুৰ্তিৰ তলত কোৰান শ্বৰীফ ৰখাৰ এক চিত্ৰও ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত।

    দেশৰখনৰ হিন্দুসকলক পূজাৰ মাজতে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ  প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে দেশখনৰ গৃহমন্ত্ৰী আছাদুজ্জামান খানে হস্তক্ষেপ কৰি পূজা মণ্ডপৰ নিৰাপত্তা বৃদ্ধি কৰিছে। ২২ খনলৈ জিলাত নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে।

    বাংলাদেশ ছাত্ৰ লীগৰ নেতৃত্বইও এই ঘটনাক গুৰুত্ব সহকাৰে লৈছে। আৰু যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়; সেয়া সুনিশ্চিত কৰিবলৈ ছাত্ৰ সংগঠনটোৰ শীর্ষ নেতৃত্বই দেশখনৰ প্ৰতিখন পূজা মণ্ডপত সংগঠনৰ সদস্য উপস্থিত থাকিবলৈ নির্দেশ দিছে । 

    উল্লেখ্য যে, ভাৰতবৰ্ষৰ পিছতে বিশ্বৰ ভিতৰত বাংলাদেশ এনে এখন দেশ য’ত সৰ্বাধিক সংখ্যাত দূৰ্গা দেৱীৰ প্ৰতিমা স্থাপন কৰি পূজা কৰা হয়। এইবাৰ বাংলাদেশত প্ৰায় ৩২,০০০ স্থানত সাৰ্বজনীন দুৰ্গা পূজা উদযাপন হৈছে ।

    আৰু পঢ়ক : ভয়ংকৰ অগ্নিকাণ্ডৰ কালৰূপ, ৪৬ গৰাকী লোকৰ মৃত্যু, ৭৯ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং