29 C
Guwahati
Saturday, August 13, 2022
More

    বেলুচিস্তানৰ মছজিদত বোমা বিস্ফোৰণ, ৫জন নিহত, কেইবাজনো আহত

    পাকিস্তানৰ বেলুচিস্তানত এটা মন্দিৰত সংঘটিত হোৱা বোমা বিস্ফোৰণত ৫ জন লোকৰ মৃত্যু হয়। স্থানীয় মিডিয়া অনুসৰি শুকুৰবাৰে ক্বেটাৰ সমীপত কুচলক এলেকাস্থিত এটা মছজিদত সংঘটিত বোমা বিস্ফোৰণত ১৫ গৰাকী লোক আহত হয় আৰু ৫ গৰাকী লোকৰ প্ৰাণহানি।

    পাকিস্তানৰ বেলুচিস্তানত এটা মছজিদত সংঘটিত হোৱা বোমা বিস্ফোৰণত ৫ গৰাকী লোকৰ মৃত্যু হয়। স্থানীয় মিডিয়া অনুসৰি শুকুৰবাৰে ক্বেটাৰ সমীপত কুচলক এলেকাস্থিত এটা মছজিদত সংঘটিত বোমা বিস্ফোৰণত ১৫ গৰাকী লোক আহত হয় আৰু ৫ গৰাকী লোকৰ প্ৰাণহানি।

    বিষয়াসকলৰ মতে, বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিবলৈ IEDৰ ব্যৱহাৰ কৰা হৈছিল। বিস্ফোৰণ সংঘটিত হৈছে ক্বেটাৰ সমীপৰ কুচলক এলেকাত। শুকুৰবাৰে মছজিদত নামাজ পঢ়িবলৈ লোক একিত্ৰত হোৱাৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা।

    বিগত ৩-৪ মাহত পাকিস্তানৰ বেলুচিস্তানত কেইবাটাও বোমা বিস্ফোৰণ হৈছিল য’ত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছিল। মে’ মাহতো ৰাজধানী ক্বেটাৰ ষ্টেলাইট টাউন এলেকাত এটা মছজিদৰ সন্মুখত বোমা বিস্ফোৰণ হৈছিল। বাইকেৰে কৰা হৈছিল এই বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণত ৪ গৰাকী আৰক্ষী বিষয়া আৰু ১১ গৰাকী লোক আহত হৈছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং