20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    এখন বিদ্যালয়ক লৈ চ’চিয়েল মিডিয়াত অপপ্ৰচাৰত লিপ্ত দুষ্ট চক্ৰ!

    ১৯৬৪ চনতেই স্থাপিত হোৱা এখন বিদ্যালয়। বাক্সা জিলাৰ গোৰেশ্বৰৰ বকুলগুৰি গাঁৱৰ ১৮১ নং বকুলগুৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষক নথকা বুলি চ’চিয়েল মিডিয়া যোগে একাংশই অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ উত্থাপিত কৰে বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ লগতে চি আৰ চি মনোৰঞ্জন দেবনাথে।
    উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ১৮১ নং বকুলগুৰি প্ৰাথমিক বিদ্যালয় খনত শিক্ষক নাথাকে বুলি আৰু ছাত্ৰ-ছাত্ৰীৰ পাঠদান নহয় বুলি চ’চিয়েল মিডিয়াত অপপ্ৰচাৰ চলাৰ ফলত ক্ষোভিত হৈ পৰে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজ।

    বিদ্যালয় খনৰ চিআৰচি মনোৰঞ্জন দেবনাথৰ লগতে স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত কয় যে বিদ্যালয় খনৰ বিৰুদ্ধে যি অপপ্ৰচাৰ চলাইছে সেয়া সম্পূৰ্ণ ভিত্তিহীন। এনে ধৰণৰ অপপ্ৰচাৰৰ জৰিয়তে বিদ্যালয়খনৰ ভাৱমূৰ্ত্তী ম্লান কৰিব বিচৰা হৈছে বুলি কোৱাৰ লগতে আগলৈ এনেধৰণৰ কামত লিপ্ত নহ’বলৈ সংশ্লিষ্ট মহলৈ আহ্বান জনাইছে বিদ্যালয় কৰ্তৃপক্ষই।

    আৰু পঢ়ক : পশ্চিম কাৰ্বি আংলঙত ভয়ংকৰ পথ দুৰ্ঘটনা!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    কৰ’ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা

    কৰ'ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা। এদিনত অভিলেখ সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতেই এই সিদ্ধান্ত।