30 C
Guwahati
Friday, August 5, 2022
More

    বাহুবলী বজৰং পুনিয়াই ভাৰতলৈ আনিলে ৭ম টো স্বৰ্ণ পদক

    বাহুবলী বজৰং পুনিয়াই ভাৰতলৈ আনিলে ৭ম টো স্বৰ্ণ পদক

    ভাৰোত্তোলনৰ পাছত এইবাৰ মল্লযুঁজৰ খেলুৱৈৰ জয়জয়কাৰ। আৰম্ভণি কৰিলে বাহুবলী বজৰং পুনিয়াই। ভাৰতলৈ আনিলে ৭ম টো স্বৰ্ণ পদক।

    পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত ভাৰতীয় মল্লযোদ্ধা বজৰং পুনিয়াই কানাডাৰ মেকনিল লাচলনক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। ২২ তম কমনৱেলথ গেমছত এইটো ভাৰতৰ সপ্তম স্বৰ্ণ পদক।

    কানাডাৰ মেকনিল লাচলনক ৯-২ গ’লত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। বজৰঙে এই কমনৱেলথ গেমছত মাত্ৰ ২ পইণ্ট হেৰুৱাই।

    উল্লেখ্য যে, বজৰং পুনিয়াই ইয়াৰ পূৰ্বে ২০১৮ চনৰ কমনৱেলথ গেমছতো সোণৰ পদক জয় কৰিছিল।

    আনহাতে ভাৰতীয় খেলুৱৈয়ে এতিয়ালৈ ৭ টা সোণ ৮ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। মুঠ পদকৰ সংখ্যা ২২ লৈ বৃদ্ধি পাইছে। সোণৰ পদকৰ লগতে পদকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং