29 C
Guwahati
Monday, September 20, 2021
More

    সদায় সুৰা পান কৰি পত্নীৰ লগত কৰিছিল কাজিয়া, অৱশেষত উদ্ধাৰ মৃতদেহ, আটক পত্নী…

    সদায় সুৰা পান কৰি পত্নীৰ লগত কৰিছিল কাজিয়া, অৱশেষত উদ্ধাৰ মৃতদেহ, আটক পত্নী…

    এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে কাৰ্বি আংলঙ জিলাৰ বৈঠালাংছ’ৰ পুৰণা ঘিলানি অঞ্চলক। সোমবাৰে নিশা নিজ ঘৰৰ সন্মুখৰ পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় গাঁওখনৰ যুধিষ্ঠিৰ ছাগ্ৰা নামৰ ব্যক্তিজনৰ মৃতদেহ।

    মৃতদেহত থকা বিভিন্ন আঘাতৰ চিন প্ৰত্যক্ষ কৰি আৰক্ষীয়ে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। চুবুৰীয়াৰ ভাষ্য অনুসৰি পেচাত গাড়ী চালক যুধিষ্ঠিৰ ছাগ্ৰাই প্ৰায়েই মদ পানী খাই পত্নীৰ লগত কাজিয়াত লিপ্ত হয়।

    ঘটনাৰ বিৱৰণী অনুসৰি কালি নিশাও দুই স্বামী-স্ত্ৰী কাজিয়াত লিপ্ত হৈছিল। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত যুধিষ্ঠীৰৰ পত্নীক আটক কৰিছে তদন্ত আৰম্ভ কৰিছে।

    ইনপুট: জ্যোতি প্ৰসাদ হাজৰীকা

    আৰু পঢ়ক : ”গুলীয়াগুলীৰ পিছত মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে কেৱল ‘ছৰী’ কৈছিল,LMG ৰে নিজ দেশৰ নাগৰিকক কৰা আক্ৰমণ দুৰ্ভাগ্যজনক”

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং