বৈঠালাংছত বান; প্ৰাণ কাঢ়িলে এটি কিশোৰৰ

ইয়াৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা কাৰ্বি লাংপিয়ে নিমিষতে বুৰাই পেলাইছে বৈঠালাংছ এলেকাৰ প্ৰায় ১০ খন গাঁৱৰ সহশ্ৰাধিক পৰি‌য়াল

0
541

বিগত দুটা দিনে অব্যাহত থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে কাৰ্বি লাংপিৰ জলপৃষ্ঠ।

ইয়াৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা কাৰ্বি লাংপিয়ে নিমিষতে বুৰাই পেলাইছে বৈঠালাংছ এলেকাৰ প্ৰায় ১০ খন গাঁৱৰ সহশ্ৰাধিক পৰি‌য়াল।

আঠবাৰকৈ কাৰ্বি লাংপিৰ বানত সৰ্বস্বান্ত বৈঠালাংছ, উদমাৰী, বৰছালী, আমডুবি, চৰাইহাগী, ইংহিন অঞ্চলৰ বানাক্ৰান্তই ওখ স্থানত আশ্ৰয় লৈছে।

ইফালে বানত আক্ৰান্ত বৈঠালাংছৰ এটা পৰিয়ালৰ কৌশিক গগৈ নামৰ এটি কিশোৰে ইনভাৰটাৰ অফ কৰিবলৈ যাওঁতে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু মুখত পৰে।

উল্লেখ্য যে, কাৰ্বি লাংপিৰ ভয়াৱহ বানে বৈঠালাংছৰ তিনিটা মূল পথ বুৰাই পেলোৱাত বৈঠালাংছৰ একাংশ গাঁৱৰ সৈতে যাতায়ত তথা যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

Photo: Time8