
অৱশেষত জামিন পালে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে
মুখ্য মন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ গোচৰত আজি জামিন লাভ কৰে বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে ।
আজি বিশেষ ন্যায়াধীশৰ আদালতে জামিন প্ৰদান কৰে বিধায়ক শ্বেৰমান আলীক।
সমষ্টি উন্নয়ন পুজিৰ দুৰ্নীতিৰ অপৰাধত মুখ্য মন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিছিল।
৫০ হাজাৰ টকাৰ জামানত আৰু দুজন জামিনদাৰৰ বিপৰীতে বিধায়ক গৰাকীক জামিন প্ৰদান কৰে বিশেষ ন্যায়াধীশৰ আদালতে।
উল্লেখযোগ্য যে, দিছপুৰ আৰক্ষীয়ে বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বিধায়ক শ্বেৰমান আলীক।
বিধায়ক গৰাকীৰ বিৰুদ্ধে সমষ্টিৰ উন্নয়ন পুঁজিৰ লগতে শ্বহীদক অপমান কৰা সন্দৰ্ভতো এটা গোচৰ ৰুজু কৰা হৈছিল।
পূৰ্বেও বিধায়ক গৰাকীয়ে জামিন আৱেদন কৰিছিল যদিও জামিন লাভ কৰা নাছিল।
আৰু পঢ়ক : বৃদ্ধি পাইছে ক’ভিড; গুৱাহাটীৰ এটা অঞ্চলক মাইক্ৰ’ কনটেইনমেণ্ট জ’ন ঘোষণা