মুখ্যমন্ত্ৰীক অশোভনীয় মন্তব্যৰ লগতে জন্ম নিয়ন্ত্ৰণৰ বাবে আজমলৰ নতুন ফৰ্মূলা…

0
489

মুখ্যমন্ত্ৰীক অশোভনীয় মন্তব্যৰ লগতে জন্ম নিয়ন্ত্ৰণৰ বাবে আজমলৰ নতুন ফৰ্মূলা…

আজি ২ ডিচেম্বৰ তাৰিখে কৰিমগঞ্জৰ এক অনুষ্ঠানত অংশ লৈ জন্ম নিয়ন্ত্ৰণ সন্দৰ্ভত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত অদ্ভুত মন্তব্য কৰে মৌলানা বদৰুদ্দিন আজমলে।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত হিন্দীত মন্তব্য় কৰে বদৰুদ্দিন আজমলে। প্ৰথমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত অশোভনীয় মন্তব্য কৰে আজমলে।

মুখ্যমন্ত্ৰী শৰ্মাক ৪-৫ জনী মুছলমান ছোৱালীক বিয়া পাতিবলৈ আহ্বান। তাৰোপৰি দুই-চাৰিটা লাভ জেহাদ কৰিবলৈ কয় মুখ্যমন্ত্ৰীক।

ছোৱালী পলুৱাই নি বিয়া পাতিবলৈ কৈ ইয়াকো কয় যে, এনে কৰিলে আজমলে কোনো ক্ষোভ নকৰে। বৰঞ্চ কাজিয়াৰ সলনি ঠিকনাটো দিলে ঘৰত গৈ মিঠাই দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে আজমলে।

যিমান মন যায় সিমানে লাভ জেহাদ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীক। ইয়াৰ বাবে কোনো মুছলমানেই খং নকৰে বুলিও মন্তব্য কৰে আজমলে।

আনহাতে জন্ম নিয়ন্ত্ৰণৰ বাবেও আজমলৰ নতুন ফৰ্মূলা হিন্দু লোকক। সেই সন্দৰ্ভত আদমলে কয়-

মুছলমানে কম বয়সতে বিয়া পাতি লয়, চৰকাৰৰ নিয়ম অনুসাৰে ১৮ বছৰ পাৰ কৰাৰ পাছতে বিয়াত বহে। কিন্তু হিন্দু সকলে ৪০ ৰ পূৰ্বে বিয়াত নবহে।

যাৰ বাবে বিবাহৰ পূৰ্বে ২-৩ জনীকৈ প্ৰেয়সী ৰাখে। আৰু সেই প্ৰেয়সীৰ ফালৰ পৰা কোনো সন্তান জন্ম হবলৈ নিদিয়ে। শেষত পিতৃ-মাতৃয়ে জোৰ দিয়াৰ বাবে ৪০ৰ পাছত বিয়াত বহে।

৪০ৰ পাছত বিয়াত বহাৰ বাবে সন্তান জন্মৰ আশাও বিশেষ এটা নাথাকে। শৰীৰত জোৰো সিমান নাথাকে। যাৰ বাবে সন্তানৰ সংখ্যা কম।

সেয়ে হিন্দু সকলেও মুছলমানৰ দৰে ল’ৰা সকলে ২২-২৩ বছৰৰ ভিতৰত আৰু ছোৱালী সকলে ১৮ পাৰ কৰাৰ পাছতে বিয়াত বহিব লাগে। মুছলমানৰ এই ফৰ্মূলা গ্ৰহন কৰিব লাগে।

তেতিয়াহে দেখা পোৱা যাব হিন্দু সকলৰো কিমান সন্তান জন্ম পাই।