বিতৰ্ক মন্তব্যৰ পিছত এইবাৰ বেডমিণ্টন ক’ৰ্টত বাগৰি পৰিল বদৰুদ্দিন আজমল

0
5350

বিতৰ্ক মন্তব্যৰ পিছত এইবাৰ বেডমিণ্টন ক’ৰ্টত বাগৰি পৰিল বদৰুদ্দিন আজমল

শণি লাগিছে নেকি বদৰুদ্দিন আজমলৰ? এইবাৰ বেডমিন্টন খেলি থাকোতে হঠাৎ ঘটিল অঘটন৷ ঘটনাটো দক্ষিণ কামৰূপৰ সোণতলীত সংঘটিত হৈছে। দৰাচলতে দক্ষিণ কামৰূপৰ সোণতলীৰ পৰিদৰ্শন বাংলাৰ সন্মুখতে বেডমিন্টন খেলি আছিল সাংসদগৰাকীয়ে।

কিন্তু নিশাৰ ভাগত বেডমিন্টত খেলি থাকোতে হঠাতে উজটি খাই পৰি গ’ল সাংসদ বদৰুদ্দিন আজমল । সাংসদ গৰাকী পৰি যোৱাৰ লগে লগেই তেওঁক উঠাই আনে দলীয় কৰ্মকৰ্তা সকলে ।

জানিব পৰা মতে বুধবাৰে সন্ধিয়া সংঘটিত হৈছিল এই অঘটনটো।তাৰ পিছতে এতিয়া চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বেডমিন্টল খেলৰ এই ভিডিঅ’টো৷

Input and Photo- Rezzaul Kobir