অনুশোচনাত দগ্ধ বদৰুদ্দিন আজমল, উঠাই লৈছে তেওঁৰ মন্তব্য; মই ভুল কৰিছো, তাৰ বাবে মই অনুতপ্ত…

0
636

অনুশোচনাত দগ্ধ বদৰুদ্দিন আজমল, উঠাই লৈছে তেওঁৰ মন্তব্য; মই ভুল কৰিছো, তাৰ বাবে মই অনুতপ্ত…

বিতৰ্কিত মন্তব্য কৰি অৱশেষত মূৰ দোঁৱালে বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু হিন্দু সম্প্ৰদায়ক লৈ বিতৰ্কিত মন্তব্য কৰি ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল সাংসদ আজমল। অনুশোচনাত দগ্ধ হৈ আজমলে কৈছে, তেওঁ ভুল কৰিছে।

মুখ্যমন্ত্ৰীক লাভ জেহাদ কৰিবলৈ আহ্বান জনোৱাৰ লগতে হিন্দুসকলক লৈও আপত্তিজনক মন্তব্য কৰিছিল এআইইউডিএফৰ মুৰব্বীগৰাকীয়ে আৰু তাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। থানাই থানাই আজমলৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।

কিন্তু এতিয়া অনুতপ্ত আজমল। আজমলে বুজিলে তেওঁৰ মন্তব্য সঠিক হোৱা নাই। আনক আঘাত দিয়া মন্তব্য কৰি ইতিমধ্যে ভুল স্বীকাৰ কৰিছে আজমলে। উঠাই লৈছে তেওঁৰ মন্তব্য।

সংবাদ মাধ্যমৰ আগত আজমলে ক’লে – ‘‘মই ভুল কৰিছো। তাৰ বাবে মই অনুতপ্ত। মই মোৰ মন্তব্য উঠাই লৈছো। ক্ষমা বিচৰাৰ পিছতে সেই কথাৰ অন্ত হৈছে।’’

এই মন্তব্যক লৈ এতিয়া ৰাজনীতি হোৱা বুলিও মন্তব্য কৰিলে আজমলে। লগতে আজমলে ক’লে, ‘‘থানাই থানাই গোচৰ ৰুজু হ’লেও মই আইনৰ ওপৰত বিশ্বাসী। মুখ্যমন্ত্ৰীয়ে মোৰ গোচৰ কৰিমগঞ্জ অথবা আমেৰিকালৈ পঠাই দিলেও মই আইনী যুঁজ যুঁজিবলৈ সাজু।’’