কিশোৰী খেলুৱৈক যৌন নিৰ্যাতন, বেডমিণ্টন প্ৰশিক্ষকক গ্ৰেপ্তাৰ আৰক্ষীৰ

0
3082
কিশোৰী খেৱুলৈক যৌন নিৰ্যাতন, বেডমিণ্টন প্ৰশিক্ষকক গ্ৰেপ্তাৰ আৰক্ষীৰ
প্ৰতিনিধিত্বমূলক আলোকচ্চিত্ৰ

কিশোৰী খেলুৱৈক যৌন নিৰ্যাতন, বেডমিণ্টন প্ৰশিক্ষকক গ্ৰেপ্তাৰ আৰক্ষীৰ

এজন ৩৬ বছৰীয়া বেডমিণ্টন প্ৰশিক্ষকক এগৰাকী চৈধ্য বছৰীয়া বেডমিণ্টন খেলুৱৈক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

মহাৰাষ্ট্ৰৰ পুনেত এই যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

কিশোৰী গৰাকীৰ অভিযোগ মতে, বেডমিন্টন প্ৰশিক্ষক গৰাকীয়ে কিশোৰী গৰাকীক ব্যায়ামগাৰ কোঠালৈ লৈ গৈছিল।

ব্যায়ামগাৰৰ ভিতৰত বেডমিণ্টন প্ৰশিক্ষক গৰাকীয়ে কিশোৰী গৰাকীৰ সৈতে কিছু সময় কথা-বতৰা পাতে আৰু তাৰপাছতে কিশোৰী গৰাকীক নিজৰ কাষলৈ টানি আনি অনৈতিকভাৱে ব্যক্তিগত অংগত স্পৰ্শ কৰে।

ইয়াৰ পাছতে কিশোৰী গৰাকীয়ে সমষ্ট ঘটনা পৰিয়ালৰ লোকৰ আগত বিবৰি কয় আৰু পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰে।

কিশোৰী গৰাকীৰ অভিযোগৰ ভিত্তিতে পুণে আৰক্ষীয়ে বেডমিণ্টন প্ৰশিক্ষক গৰাকীক আটক কৰে।

আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত প্ৰশিক্ষক গৰাকীক গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে।

আৰু পঢ়ক : অট্টালিকাৰ ওপৰত খহি পৰিল উৰন্ত বিমান, আঠজন লোকৰ কৰুণ মৃত্যু