23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বাঘৰ আতংকঃ দুস্প্ৰাপ্য প্ৰজাতিৰ বাঘৰ পোৱালীয়ে টোপনি হৰিছে গাওঁবাসীৰ


    বাঘৰ আতংকঃ দুস্প্ৰাপ্য প্ৰজাতিৰ বাঘৰ পোৱালীয়ে টোপনি হৰিছে গাওঁবাসীৰ

    এটা দুস্প্ৰাপ্য প্ৰজাতিৰ বাঘৰ পোৱালীয়ে টোপনি হৰিছে গাওঁবাসীৰ। নগৰবেৰাৰ সমীপৰ ধূপধৰাৰ শাছিবড়ীত দুস্প্ৰাপ্য বাঘৰ পোৱালী উদ্ধাৰ। শাচিবড়ী গাৱঁৰ ৰাইজে উদ্ধাৰ কৰা বাঘৰ এই পোৱালীটোক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য অব্য়াহত আছে।

    শাচিবড়ী মাছলাম দ্বিতীয়খণ্ডৰ অনিল ৰয়ৰ ঘৰৰ পিছফালে থকা ঘন জংঘলৰ পৰা খাদ্যৰ সন্ধানত বাঘৰ পোৱালীটো ওলাই আহি অনিল ৰয়ৰ ঘৰৰ চোতাল পোৱাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰে । ততমুহুৰ্তত ওচৰ চুবুৰীয়া উপস্থিত হৈ দুস্প্ৰাপ্য বাঘৰ পোৱালীটোক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়।

    বিগত বহুদিনৰে পৰা বাঘৰ এই পোৱালীটোৱে অঞ্চলটোত তাণ্ডৱ চলাইছিল।বাঘৰ পোৱালীটো উদ্ধাৰ কৰাক লৈ এতিয়া শাচিবড়ী গাওঁৰ ৰাইজ আতংকিত হৈ পৰিছে ৷ লগতে অঞ্চলটোত ডাঙৰ বাঘ থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

    পৰৱৰ্তী সময়ত ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ বাঘৰ পোৱালীটো চমজি লয়।

    আৰু পঢ়ক : চৰ্ত সাপেক্ষে অন্য দলৰে মিত্ৰতা আগবঢ়োৱাৰ ইংগিত লুৰিন জ্যোতি গগৈৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং