
কণ্ঠশিল্পী বাবুৰ ‘মাজুলীৰ গাভৰু’ গীত এটাক কেন্দ্ৰ কৰি বাবুৰ বিৰুদ্ধে সম্প্ৰতি ৰাজ্যজুৰি যি বিতৰ্ক আৰু ক্ষোভৰ উদ্গিৰণ ঘটিছে সেই সন্দৰ্ভত ৰাজ্যবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে কণ্ঠশিল্পী বাবুয়ে। অসমবাসী ৰাইজক ক্ষমা বিচাৰি অনিচ্ছাকৃত ভুলৰ বাবে দুখঃপ্ৰকাশ কৰে শিল্পীগৰাকীয়ে। ইতিমধ্যে ইউটিউবৰ পৰা ভিডিঅ’টো আঁতৰাই দিয়া বুলিও কয় কণ্ঠশিল্পীগৰাকীয়ে।
উল্লেখ্য যে মাজুলীক লৈ প্ৰস্তুত কৰা গানটোৰ ভিডিঅ’ত মাজুলীৰ কৃষ্টি–সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ উত্থাপন কৰিছিল মাজুলী বাসীয়ে। মাজুলীবাসীৰ ওচৰত যদি বাবুয়ে ক্ষমা নুুখুজে তেন্তে এই সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰিছিল।
ইফালে ছচিয়েল মিডিয়াতো গানটোৰ বাবে বাবুয়ে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল। অৱশেষত ফেচবুকযোগেও ক্ষমা বিচাৰিছিল বাবুয়ে।