29 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ২০২১ত পুটিনৰ হত্যা, ট্ৰাম্প হৈ পৰিব কলা, কেঞ্চাৰ চিকিৎসাৰ উদ্ভাৱনঃ বেংগা বাবাৰ ভৱিষ্যত বাণী

    ২০২০ বৰ্ষত কৰ’ণা ভাইৰাছৰ লগতে বহু অনাকাংক্ষিত ঘটনা ঘটি গ’ল। সকলোৱে আশা কৰিছে ২০২০ বৰ্ষৰ অনাকাংক্ষিত দিনবোৰ পাৰ হওঁক আৰু নতুন দিন আহক, ভাল দিন আহক। বহু কল্পনা-জল্পনাৰ মাজতে এজন বাবাৰ ভৱিষ্যতবাণীয়ে আচৰিত কৰি তুলিছে সকলোকে।

    ২০২১ত পুনৰ কিছু অনাকাংক্ষিত খবৰ অহাৰ কথা বৰ্ণনা কৰিছে তেওঁ।যাৰ বাবে চিন্তাত পৰিছে বহু লোক। বেংগা বাবা নামে পৰিচিত এই বাবাৰ মতে ২০২১ চনটোও বিশ্ববাসীৰ বাবে বহু প্ৰত্যাহ্বানমুলক হব আৰু বহু গুৰুত্বপূৰ্ণ ঘটনা ঘটিব। তাৰ ভিতৰত আমেকিৰকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প কলা হৈ পৰিব আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ হত্যা হ’ব বুলি মন্তব্য কৰিছে।

    এই বাবাই ১৯৯৬ চনত ৮৫ বছৰ বয়সতে মৃত্যু হৈছিল যদিও তেওঁ ৫০৭৯ চনলৈকে কৰি গৈছে ভৱিষ্যতবাণী। ইয়াৰ পূৰ্বেও ৯/১১ৰ আক্ৰমণ, ৰাজকুমাৰী ডাইনাৰ মৃত্যু আদি ঘটনাৰ ভৱিষ্যতবাণী সত্য প্ৰমাণিত হৈছে। তেওঁৰ ৮৫শতাংশ ভৱিষ্যতবাণীয়েই সঁচা হৈ পৰিছে।

    উল্লেখ্য যে, ট্ৰাম্প কোনো ভয়ংকৰ ৰোগত আক্ৰান্ত হোৱাৰ কথাও প্ৰকাশ কৰিছে বেংগা বাবাই।যাৰ ফলত ট্ৰাম্প হৈ পৰিব কলা।পুটিনৰ হত্যাৰো পৰিকল্পনা কৰা হৈছে বুলি কৈছে বাবাই। এই কথা একেবাৰে নাকচ কৰিব নোৱাৰি কাৰণ ২০১২চনটো তেওঁক হত্যাৰ পৰিকল্পনা কৰা হৈছিল।তাৰোপৰি কেঞ্চাৰৰ চিকিৎসাৰ উদ্ভাৱন কৰা যাব বুলি প্ৰকাশ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং