“মহিলাসকলক শাড়ী পিন্ধিলে ভাল দেখায়, তেওঁলোকক একো নিপিন্ধিলেও ভাল দেখায়” জিভা পিছলিল বাবা ৰামদেৱৰ!

0
4178

“মহিলাসকলক শাড়ী পিন্ধিলে ভাল দেখায় মোৰ মতে তেওঁলোকক একো নিপিন্ধিলেও ভাল দেখায়” জিভা পিছলিল বাবা ৰামদেৱৰ! এয়া কি কৈ পেলালে যোগগুৰুয়ে

বিদ্যান লোকে এষাৰ কথা কৈ গৈছে যে, কথাতেই কটা যায় আৰু কথাতে বঁটা পায়। তেনে একেই ঘটনা সংঘটিত হ’ল বাবা ৰামদেৱৰ লগত।হঠাতে জিভা পিছলিল যোগগুৰু বাবা ৰামদেৱৰ।

থানেৰ হাইলেণ্ড এলেকাত শুকুৰবাৰে পতঞ্জলি যোগ পীঠ আৰু মুম্বাই মহিলা পতঞ্জলি যোগ সমিতিয়ে আয়োজন কৰা যোগ বিজ্ঞান শিবিৰ আৰু মহিলা সভাত যোগগুৰুৱে কিবা ক’বলৈ গৈ কিবায়ে কৈ পেলালে। সভাখনত বাবা ৰামদেৱে মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰি আছিল আৰু তেনে সময়তে ৰামদেৱে এনে এক বিতৰ্কিত মন্তব্য কৰে যে সকলোৱে হতৱাক হৈ পৰে।

উল্লেখযোগ্য যে, যোৱা কেইদিনমানধৰি, মহিলা সম্পৰ্কীয় বিতৰ্কিত মন্তব্যৰ বাবে মহাৰাষ্ট্ৰত ক্ষোভৰ সৃষ্টি হৈ আহিছে। তেনে একেই সময়তে যোগ গুৰু ৰামদেৱে মহিলাৰ পোছাক সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য কৰে।

পতঞ্জলিৰ মুৰব্বীগৰাকীয়ে সভাত এনেদৰে কয় যে, “মহিলাসকলক শাড়ী পিন্ধিলে ভাল দেখায়, তেওঁলোকক ছোলোৱাৰ চু্টতো ভাল দেখায়, মোৰ মতে তেওঁলোকক একো নিপিন্ধিলেও ভাল দেখায়।” ৰামদেৱে এনে মন্তব্য কৰাৰ সময়ত সভাখনত উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ পত্নী অমৃতা ফাডনাভিছ, মুখ্যমন্ত্ৰী একনাথ চিন্দেৰ পুত্ৰ আৰু সাংসদ শ্ৰীকান্ত চিন্দেও উপস্থিতত আছিল।

জিভা পিছলি ৰামদেৱে কৰা মন্তব্যই এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে। মহিলাসকলে যোগৰ বাবে কেনে পোছাক পিন্ধিব লাগে সেই বিষয়ত ৰামদেৱে কথা পাতি আছিল। মহিলাসকলৰ বাবে এক যোগ প্ৰশিক্ষণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হৈছিল।

তাৰ ঠিক পিছতে, মহিলাসকলৰ বাবে সভাখন আৰম্ভ হৈছিল। তাতেই জিভা পিছলি ৰামদেৱৰ মুখেৰে তেনে কথা ওলায়।ৰামদেৱে অৱশ্যে তেওঁৰ মন্তব্যৰ বাবে এতিয়াও কোনো স্পষ্টীকৰণ দিয়া নাই।