31 C
Guwahati
Thursday, September 29, 2022
More

    ঘৰত পূজা কৰাৰ অজুহাতত বাবাই কৰিলে নাবালিকাক ধৰ্ষণ ! ভিডিঅ’ বনাই কৰিলে ব্লেকমেইল

    ঘৰত পূজা কৰাৰ অজুহাতত বাবাই কৰিলে নাবালিকাক ধৰ্ষণ ! ভিডিঅ’ বনাই কৰিলে ব্লেকমেইল

    উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাত এক ঘৃণনীয় ঘটনা সংঘটিত হৈছে।খেৰি জিলাত বাস কৰা এজন ব্যক্তিৰ ঘৰলৈ পূজা কৰিবৰ কাৰণে প্ৰায়ে এজন বাবা তেওঁলোকৰ ঘৰলৈ পূজা কৰিবলৈ আহে।

    সেইদিনাও বাবা জনে তেওঁলোকৰ ঘৰত পূজা কৰিবলৈ আহিছিল। কিন্তু ঘৰত কোনো নথকাৰ সুযোগ লৈ মানুহঘৰৰ নাবালিকা কন্যা গৰাকীৰ লগত ধৰ্ষণ কৰে।

    ভণ্ড বাবাই ধৰ্ষণ কৰাৰ লগতে এটা ভিডিঅ’ বনাইছিল আৰু সেই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিম বুলি নাবালিকা গৰাকীক ব্লেকমেইলো কৰিছিল।

    বাবাৰ আশ্ৰম সীতাপুৰত আছে বুলি জানিব পৰা গৈছে। ভণ্ড বাবাই নাবালিকা গৰাকীক ব্লেকমেইল কৰি কেইবাবাৰো ধৰ্ষণ কৰে।

    কিন্তু নাবালিকা গৰাকী অতিষ্ট হৈ পিতৃ-মাতৃক সকলো কথা কৈ দিয়ে। পিতৃ-মাতৃয়ে সকলো জানিব পাৰি ভণ্ড বাবাৰ বিৰুদ্ধে আৰক্ষীক এখন এজাহাৰ দিয়ে।এজাহাৰৰ ভৃত্তিত আৰক্ষীয়ে সীতাপুৰৰ আশ্ৰমৰ পৰা বাবাক গ্ৰেপ্তাৰ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং