১০০ বছৰ ধৰি পতাকাক কৰিছে উপাসনা ! উপাসনাৰ পিছত হে গ্ৰহণ কৰে খাদ্য

0
240

১০০ বছৰ ধৰি পতাকাক কৰিছে উপাসনা ! উপাসনাৰ পিছত হে গ্ৰহণ কৰে খাদ্য

সমগ্ৰ দেশতে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি থকা হৈছে। এই আজাদী কা অমৃত মহোৎসৱৰ বাবে কেন্দ্ৰীয় চৰকাৰে দেশবাসীক ঘৰে ঘৰে পতাকা উত্তোলন কৰিব দিছে।

দেশবাসীয়েও চৰকাৰৰ কথা পালন কৰি ঘৰে ঘৰে পতাকা লগাইছে। একে সময়তে ১৩ আগষ্টৰ পৰা বাহন সমূহত পতাকা লগাই ৰেলিও ওলিৱাইছে ।

কিন্তু ভাৰতত এনেকুৱা এখন ঠাই আছে য’ত প্ৰতিদিনে জাতীয় পতাকাক পূজা কৰে । ঝাৰখণ্ডৰ ‘তানা ভগত’ নামৰ নামৰ জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে ১০০ বছৰৰো অধিক সময় ধৰি প্ৰতিদিনে পতাকাক উপাসনা কৰে।

তেওঁলোকৰ বিশ্বাস ইমানেই গভীৰ যে তেওঁলোকে প্ৰতিদিনে ৰাতিপুৱা পতাকাক উপাসনা কৰাৰ পিছতহে পানী আৰু খাদ্য গ্ৰহণ কৰে।

সম্প্ৰদায়টোৱে ত্ৰিৰংগাক ইয়াৰ সৰ্বোচ্চ প্ৰতীক হিচাপে আৰু মহাত্মা গান্ধীক গডমেন হিচাপে পূজা কৰি আহিছে। তেওঁলোকৰ চোতালত থকা পতাকাত অশোক চক্ৰৰ সলনি এটা চৰ্খা চিহ্ন আছে।

স্বাধীনতা আন্দোলনৰ সময়ত এইটো ত্ৰিৰংগাৰ প্ৰকৃতি আছিল। সেই সময়ৰ পৰাই তেওঁলোকে ‘হৰ ঘৰ তিৰঙ্গা, ঘৰ ঘৰ
তিৰঙ্গা মন্ত্ৰ পালন কৰি আহিছে।