অযোধ্যাত ৰাম মন্দিৰ নহয়; বাবৰি মছজিদ লাগিব, এই দাবীৰে বাংলাদেশত প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ক সম্পূৰ্ণ অনৈতিক আৰু মুছলমান বিদ্বেষী আখ্যা দিয়াৰ লগতে উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰত্যাহাৰ কৰি বাবৰি মছজিদৰ স্থানত বাবৰি মছজিদ হিচাপেই ৰখাৰ দাবী উত্থাপন কৰে

0
6912
Photo: Time8

অযোধ্যা বিবাদক লৈ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পিছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বাংলাদেশৰ ঢাকোতো বিক্ষোভ কাৰ্যসূচী প্ৰতিবাদীকাৰীৰ। ‘অযোধ্যাত ৰাম মন্দিৰ নহয়, বাবৰি মছজিদ লাগিবই।’- এই দাবীৰে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে বাংলাদেশৰ ঢাকাত বিক্ষোভ প্ৰদৰ্শন।

বিশ্বৰ মুছলমানে ভাৰতৰ উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদক লৈ দিয়া বিতৰ্কিত ৰায় কেতিয়াও গ্ৰহণ নকৰে। অযোধ্যাত বাবৰি মছজিদ হ’বই লাগিব। এই দাবীৰে বাংলাদেশত ইছলামধৰ্মী লোকে আৰম্ভ কৰিছে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদৰ নেতৃত্ব দিছে বাংলাদেশৰ ইছলামিক শাসনতন্ত্ৰ ছাত্ৰ আন্দোলনে।

দেওবাৰে বাংলাদেশৰ ঢাকাত বিশাল প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে হাজাৰ হাজাৰ লোকে। প্ৰতিবাদকাৰীসকলে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ক সম্পূৰ্ণ অনৈতিক আৰু মুছলমান বিদ্বেষী আখ্যা দিয়াৰ লগতে উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰত্যাহাৰ কৰি বাবৰি মছজিদৰ স্থানত বাবৰি মছজিদ হিচাপেই ৰখাৰ দাবী উত্থাপন কৰে।

প্ৰতিবাদী কাৰ্যসূচী

বিক্ষোভ কাৰ্যসূচীত বহু কেইগৰাকী প্ৰতিবাদী ইছলামীক নেতাই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহাৰৰ বাবে বাংলাদেশ চৰকাৰে ভাৰতক হেচা প্ৰয়োগ কৰিবলৈ দাবী জনায়। লগতে কয় যে খুব কম সময়ৰ ভিতৰত যদি এই ৰায় বাতিল কৰা নহয় তেন্তে বিশ্বৰ কোটি-কোটি মুছলমানে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব।

বিক্ষোভ কাৰ্যসূচীত সংগঠনটোৰ যুটীয়া সচিব নুৰুল কৰিম আকবৰ, প্ৰশিক্ষণ সম্পাদক শ্বেখ মহম্মদ আল আমিন, তথ্য ও গৱেষণা সম্পাদক আব্দুল জলিল, পাব্লিক বিশ্ব বিদ্যালয়ৰ ইছলামীক গৰ্ভনেন্স ছাত্ৰ আন্দোলনৰ সাধাৰণ সম্পাদক মোস্তাকিম বিল্লাহৰ অংশগ্ৰহণ।