
অযোধ্যা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত দেওবাৰে All India Muslim Personal Law Board-এ এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত কৰে। বৈঠকখন অনুষ্ঠিত হয় লক্ষ্ণৌৰ মুমতাজ পিজি কলেজত। বৈঠকত ৱৰ্ডৰ অধ্যক্ষ ৰাৱে হছন নদবীসহ আছাদুদ্দিন অৱেছী আৰু জফৰয়াব জিলানীও উপস্থিত আছিল।
বৈঠকৰ দুটা প্ৰধান এজেণ্ডা আছিল উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰীক্ষণ আৱেদন দাখিল কৰিব নে নকৰিব আৰু মছজিদৰ বাবে ৫ একৰ ভূমি স্বীকাৰ কৰা বা নকৰা। এই সন্দৰ্ভত দুপৰীয়া ৩.৩০ বজাত সংবাদমেলযোগে আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
ইয়াৰ মাজতে All India Muslim Personal Law Boardৰ বৈঠকত জমীয়ত-উলেমা-এ-হিন্দৰ মৌলানা অাৰছাদ মাদানীয়ে ক’লে আমি জানো যে উচ্চতম ন্যায়ালয়ত অযোধ্যা সন্দৰ্ভত আমাৰ আৱেদন ১০০ শংতাশ খাৰিজ কৰা হ’ব। কিন্তু আমি Review petition দিম, এয়া আমাৰ অধিকাৰ।