অযোধ্যা গোচৰ সন্দৰ্ভত SCৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ বিবেচনাৰ আবেদন দাখিল কৰিব মুছলমান পক্ষই

না আমি মছজিদ দিম না তাৰ পৰিৱৰ্তে অন্য কিবা গ্ৰহণ কৰিম, ক'লে অৰছাদ মাদানীয়ে

0
489
Photo Credit: .google.com

অযোধ্যা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত দেওবাৰে All India Muslim Personal Law Board-এ এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত কৰে। বৈঠকখন অনুষ্ঠিত হয় লক্ষ্ণৌৰ মুমতাজ পিজি কলেজত। ইয়াৰ পিছত অনুষ্ঠিত সংবাদমেলত All India Muslim Personal Law Board-এ ক’লে যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হ’ব আৰু অন্য স্থানত মছজিদৰ নিৰ্মাণক লৈ আমি অনুমতি প্ৰদান নকৰো।

AIMPLBৰ বৈঠকত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ বাবে পুনৰীক্ষণৰ আৱেদন দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৱৰ্ডৰ বৈঠকৰ পিছত জফৰয়াব জিলানী, মৌলানা মহফুজ, ছকীল আহমেদ, ইৰছাদ আহমেদ আৰু এমাৰ ছামছাদে সংবাদমেলত ক’লে যে বৰ্ডে এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাব।

কাছিম ৰছুলীয়ে ক’লে ‘কোনো অন্য স্থান মছজিদ নিৰ্মাৰ বাবে অনুমতি প্ৰদান নকৰো।’ ৱৰ্ডে ক’লে যে আদালত আৰু ASIৰ ৰিপৰ্ট অনুসৰিও কোনোধৰণৰ মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰা হোৱা নাই। গম্বুজৰ তলত জন্মস্থানৰ কোনো প্ৰমাণ নাই। বিভিন্নধৰণে আদালতৰ এই সিদ্ধান্ত জ্ঞানৰ বাহিৰত।

সংবাদমেলত ক’লে যে বাবৰি মছজিদৰ সিদ্ধান্তত এটা পক্ষই আনটো পক্ষৰ মাজত সংঘৰ্ষৰ কথা লিখা হৈছিল। ৫ একৰ ভূমি প্ৰদান কৰাৰ কথা কোৱা হৈছে। মছজিদ য’ত নিৰ্মাণ কৰা হয় তাত মছজিদে থাকিব লাগে। আমি মছজিদৰ নামত ভূমি বা টকা গ্ৰহণ নকৰো। আমি অন্য স্থান কেতিয়াও গ্ৰহণ নকৰো।

ইয়াৰ পূৰ্বে বৈঠকৰ পৰা ওলাই জমীয়ত উলমা-এ-হিন্দৰ অধ্যক্ষ মৌলানা অৰছাদ মাদানীয়ে ক’লে যে মছজিদ আমাৰ সন্মানৰ বিষয় নহয়। এয়া আইনী প্ৰক্ৰিয়া। না আমি মছজিদ দিম না তাৰ পৰিৱৰ্তে অন্য কিবা গ্ৰহণ কৰিম।