20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰ্কট ৰোগৰ ক্ষেত্ৰত সেৱা আগবঢ়াই অহা দুগৰাকী বিশিষ্ট চিকিৎসকক বঁটা প্ৰদান

    উজনি অসমত কেঞ্চাৰ ৰোগৰ চিকিৎসা, ৰোগীক সহায়, সজাগতা সৃষ্টি আদিৰ ক্ষেত্ৰত কাম কৰি অহা প্রতিশ্রুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ উদ্যোগত মিলন জ্যোতি সংঘ আৰু এএমচিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ অধীনত চলি থকা এক প্ৰকল্পৰ সমৰ্থনত বৃহস্পতিবাৰে ডিব্রুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱন প্ৰেক্ষাগৃহত এক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

    তদুপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডাঃ হেৰম্ব কুমাৰ ভৰালী সোঁৱৰণী বঁটা কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা সেৱা আগবঢ়াই অহা মুম্বাই টাটা হস্পিতেলৰ বিশিষ্ট কেঞ্চাৰ বিশেষজ্ঞ ডাঃ তপন কুমাৰ শইকীয়া আৰু কাছাৰ কেঞ্চাৰ হস্পিতেলৰ কেঞ্চাৰ বিশেষজ্ঞ ডাঃ ইকবাল বাহাৰক আনুষ্ঠানিকভাৱে আগবঢ়োৱা হয়।

    সম্বৰ্ধিত ডাঃ তপন কুমাৰ শইকীয়াই ভাৰতবৰ্ষত কেঞ্চাৰ নিয়ন্ত্ৰণত সামাজিক সংগঠনৰ ভূমিকা শীৰ্ষক বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আনহাতে ডাঃ ইকবাল বাহাৰে কেঞ্চাৰ ৰোগৰ ঘৰুৱা উপশমী চিকিৎসা সন্দৰ্ভত বক্তব্য আগবঢ়ায়।

    উক্ত অনুষ্ঠানতে ডিব্ৰুগড়ৰ দুগৰাকী চৰকাৰী বিষয়া ক্ৰমে অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকা আৰু জিলা চাৰ্ভিলেন্স অফিচাৰ ডাঃ নৱজ্যোতি গগৈকো কোভিড যোদ্ধা হিচাপে সম্বৰ্ধনা জনোৱা হয়।

    উক্ত অনুষ্ঠানত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ পৰিচালন সঞ্চালক ৰীপ হাজৰিকা, এএমচিৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ আদৰণি ভাষন ডাঃ গায়ত্ৰী গগৈয়ে আৰু আঁত ধৰে জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই।

    আৰু পঢ়ক : শিলবৰী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড! দোকান ভস্মীভূত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং