আই এ এছ বিষয়াই দিলে জীৱনত সফলতা লাভৰ মন্ত্ৰ! চাওক ভিডিঅ’

0
1229

শেহতীয়াকৈ এজন আই এ এছ বিষয়াই সফলতাৰ মন্ত্ৰ উল্লেখ কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ এটা ভিডিঅ’ৰ জৰিয়তে ক’বলৈ চেষ্টা কৰিছে যে জন্মৰ পৰা বৃদ্ধ বয়সলৈকে প্ৰতিটো খোজতে সফলতা লাভ কৰা হয়, কিন্তু আমি তাক আওকাণ কৰো।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰিছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৱানীশ শৰণে তেওঁৰ টুইটাৰ হেণ্ডেলত, য’ত তেওঁ জীৱনৰ বিভিন্ন পৰ্যায়ত সফলতাৰ অৰ্থ সংজ্ঞায়িত কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত তেওঁ কেপচনত লিখিছে, ‘সফলতা’।

ভিডিঅ’টোৰ আৰম্ভণিতে এবছৰীয়া ল’ৰা এটাই ভৰিৰে খোজ কাঢ়ি গৈ থাকোঁতে হাঁহিছে, তাৰ পিছফালে মাকে নিজৰ সন্তানক খোজ কাঢ়ি যোৱা দেখি আনন্দৰে হাত চাপৰি বজাই থকা দেখা যায়। ভিডিঅ’টোত থকা এই সৰু ল’ৰাটোৰ আটাইতকৈ ডাঙৰ সফলতা হৈছে কোনো ধৰণৰ সহায় নোলোৱাকৈ খোজ কঢ়া। ইয়াৰ লগতে সাফল্যৰ অৰ্থ ব্যক্তিজনৰ বয়সৰ লগে লগে সলনি হোৱাটো ভিডিঅ’টোত দেখুওৱা হৈছে।

ভিডিঅ’টোত আৰু দেখুওৱা হৈছে যে কেনেকৈ, জীৱনৰ শেষ পৰ্যায়টো আৰম্ভ হোৱাৰ লগে লগে ই ক্ৰমান্বয়ে প্ৰাৰম্ভিক বয়সৰ সৈতে একে হৈ পৰে। ভিডিঅ’টোত শৈশৱ আৰু প্ৰাপ্তবয়স্ক জীৱনৰ মাজত আচৰিত ধৰণৰ সাদৃশ্য দেখা গৈছে।

২ মিনিট ২০ ছেকেণ্ডৰ এই ভিডিঅ’টোৱে সকলোৰে হৃদয় জয় কৰিছে। এই ভিডিঅ’টো এতিয়ালৈকে প্ৰায় ৮ লাখ লোকে চাইছে। একে সময়তে ২৪ হাজাৰৰো অধিক লোকে এই ভিডিঅ’টো লাইক কৰিছে। এতিয়ালৈকে ৩ হাজাৰতকৈ অধিক লোকে এই ভিডিঅ’টো ৰিটুইট কৰিছে।