পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পূৰ্বে শিক্ষাৰ্থীৰ স্বাস্থ্যৰ বিষয়ে বিবেচনা কৰক : আছু

0
144
পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পূৰ্বে শিক্ষাৰ্থীৰ স্বাস্থ্যৰ বিষয়ে বিবেচনা কৰক : আছু

পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পূৰ্বে শিক্ষাৰ্থীৰ স্বাস্থ্যৰ বিষয়ে বিবেচনা কৰক : আছু

ৰাজ্যত পৰীক্ষা অনুষ্ঠিত কৰাৰ পূৰ্বে শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ বিষয়ে বিবেচনা কৰি বিভাগীয় কৰ্তৃপক্ষক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাই।

আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয়, ‘ৰাজ্যত কভিড-১৯ৰ ঘটনা ধাৰাবাহিকভাৱে বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলে অনলাইন পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে যি আন্দোলন কৰিছে তাক আমি সমৰ্থন জনাইছো’।

পৰীক্ষা সমূহ অনলাইনযোগে নে অফলাইনযোগে হ’ব সেই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ক অতি শীঘ্ৰে সিদ্ধান্ত ল’বলৈও ছাত্ৰ সংগঠনটোৱে আহ্বান জনায়।

‘শিক্ষাৰ্থীসকলৰ ভৱিষ্যত চৰকাৰে সুৰক্ষিত কৰিব লাগিব। যদিহে পৰীক্ষা অনুষ্ঠিত নকৰে তেন্তে শিক্ষাৰ্থীসকৰ ভৱিষ্যতৰ সৈতে আপোচ কৰা হ’ব। কিন্তু বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনলাইন আৰু এছাইনমেন্টৰ জৰিয়তে পৰীক্ষা পতাতো ভাল হ’ব’, নাথে এইদৰে কয়।

পৰীক্ষা সন্দৰ্ভত মন্তব্য কৰাৰ উপৰি ছাত্ৰ সংগঠনটোৱে সকলো লোককে বিনামূলীয়াকৈ ভেকচিন প্ৰদানৰ দাবী উত্থাপন কৰে।

ইয়াৰ উপৰি এই সংকটৰ সময়ত কিছু অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য যথেষ্ট পৰিমানে বৃদ্ধি কৰা সন্দৰ্ভতো মন্তব্য কৰি নাথে এই সমগ্ৰ বিষয়টো ৰাজ্য চৰকাৰক গুৰুত্ব সহকাৰে ল’বলৈ আহ্বান জনায়।

আৰু পঢ়ক : বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি আৰু গায়িকা জুবলী বৰুৱা কৰ’ণাত আক্ৰান্ত