Palash Jyoti Gogoi
Recent articles
Articles by this author
কোন হ’ব আছুৰ পৰৱৰ্তী সভাপতি-সম্পাদক, তালিকাত ৫ নেতাৰ নাম…
অচিৰেই সলনি হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব। এতিয়া চৰ্চা চলিছে কোন হ'ব সংগঠনটোৰ নতুন সভাপতি আৰু সম্পাদক। কেইবাগৰাকী নেতাৰ নাম পোহৰলৈ আহিছে। কিন্তু তেওঁলোকে পুৰণ কৰিব পাৰিব নে লুৰিণজ্যোতি গগৈ আৰু দীপাংকৰ কুমাৰ নাথৰ ঠাই? সংগঠনৰ প্ৰাথমিক পৰ্যায়ৰ পৰা কেন্দ্ৰীয় কমিটিলৈকে বহু ছাত্ৰ নেতাৰ সৈতে যোগাযোগ কৰাৰ অন্তত পোৱা খবৰ অনুসৰি ৫ গৰাকী নেতাৰ নাম এতিয়া সকলোৰে মুখে মুখে।
দলে-বলে অসমলৈ আহি আছে অৰবিন্দ কেজৰিৱাল, লগ কৰিব নে অখিল গগৈক
লক্ষ্য ২০২১। দিছপুৰ দখলৰ চেষ্টাত তৎপৰ আম আদমী পাৰ্টি। এইবাৰ দলে-বলে অসমলৈ আহি আছে অৰবিন্দ কেজৰিৱাল। প্ৰথমে সতীৰ্থক পঠিয়াব অসমৰ পৰিস্থিতি চাবলৈ, পৰৱৰ্তী সময়ত নিজেই আহিব। কেতিয়াকৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী সেই কথাও তেওঁ প্ৰায় নিশ্চিত কৰিছে।
ৰাজ্যবাসীয়ে ‘চেল্যুট’ দিয়া আৰক্ষী বিষয়াগৰাকী! ৩ বছৰীয়া শিশুৰ মৃতদেহ বুকুত বান্ধি নিলে মৰণোত্তৰ পৰীক্ষালৈ
লকডাউনৰ সময়ত বহু আৰক্ষী বিষয়াই আইন অমান্য কৰা লোকক শাস্তি দিবলৈ গৈ সমালোচনাৰ সন্মুখীন হৈছে। জনসাধাৰণৰ কঠোৰ বাক্যবানৰো সন্মুখীন হৈছে একাংশ আৰক্ষী বিষয়া। পিছে অসম আৰক্ষীৰ এনে কিছু বিষয়াও আছে যিসকলে নিজৰ একো-একোটা কামৰ দ্বাৰা সমগ্ৰ আৰক্ষী বিভাগৰ বাবেই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।