
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ মন্ত্ৰী আৰু বিধায়কক দেখুৱাইছে ক’লা পতাকা।
এইবাৰ গোৱালপাৰাত মন্ত্ৰী অতুল বৰাক ক’লা পতাকা প্ৰদৰ্শন। গোৱালপাৰা চহৰৰ ভালুকডুবীত আছুয়ে দেখুৱালে ক’লা পতাকা। অসম পশুপালন আৰু পশুচিকিৎসা সেৱা সন্থাৰ ৩৩তম দ্বি-বাৰ্ষিক অধিৱেশন মুকলি সভাত অংশগ্ৰহণ কৰিবলৈ যাওতে ক’লা পতাকাৰ সন্মুখীন হয় মন্ত্ৰীগৰাকী।
Photo: Time8