26 C
Guwahati
Thursday, September 16, 2021
More

    ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাক ধৰ্ষণৰ চেষ্টা চলাওতেই হাতে লোটে পৰিল পাষণ্ড

    ধুবুৰীৰ বিলাসীপাৰাত সংঘটিত হৈছে এক জঘন্য কাণ্ড। বিলাসীপাৰাৰ ৰানীগঞ্জৰ মহম্মদ আলী (জাল্লাত) নামৰ ৪৫ বছৰীয়া এটা পাষণ্ডৰ ধৰ্ষণৰ চেষ্টা ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক ।

    ঘৰত কোনো নথকাৰ সুযোগলৈ ১৩ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অপচেষ্ঠা ৪৫ বৰ্ষীয় লোকজনৰ।

    বিলাসীপাৰা থানাৰ অৰ্ন্তগত বাঙালীপাৰা প্ৰথম খণ্ডত গাওঁত দুখীয়া পৰিয়াল এটাত ঘৰত মানুহ কোনো নথকাৰ সুযোগলৈ ৰাণীগঞ্জৰ মহম্মদ আলী ওৰফে জল্লাদ নামৰ পাষণ্ড জন সোমাই পৰে নাবালিকাৰ ঘৰত।

    পিছে ধৰ্ষণৰ অপচেষ্টা চলাব লওতেই নাবালিকা জনীয়ে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ৰাইজে ঘটনা স্থলিত উপস্থিত হৈ নাবালিকা জনীক উদ্ধাৰ কৰাৰ লগতে পাষণ্ডটোকো হাতে লোটে ধৰিবলৈ সক্ষম হয়।

    স্থানীয় ৰাইজে লোকজনক আটক কৰি বিলাসীপাৰা আৰক্ষীক খবৰ দিয়ে। বিলাসীপাৰা আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ মহম্মদ আলী ওৰফে জাল্লাত নামৰ ব্যক্তি জনক আটক কৰি থানালৈ লৈ যায়।

    Photo Credit: @nurafrujulislam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং