
লাহৰীঘাটত জঘন্য ঘটনা ! ঘৰত কোনো নথকাৰ সুযোগ লৈ মহিলাক ধৰ্ষণৰ চেষ্টা
মৰিগাঁও জিলাৰ লাহৰীঘাটত এক জঘন্য ঘটনা সংঘটিত হৈছে। লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ঔতলাবড়ীত মনিৰ উদ্দিন নামৰ এজন যুৱকে এগৰাকী মহিলাক বলপূৰ্বক ভাৱে ধৰ্ষনৰ চেষ্টা চলাই।
দৰাচলতে লম্পট মনিৰ উদ্দিনে একে গাঁৱৰে স্বামী ঘৰত নথকাৰ সুযোগ লৈ ৰাতি এগৰাকী মহিলাৰ ঘৰৰ ভিতৰত প্ৰবেশ কৰে।তাৰ পিছত মহিলা গৰাকীক বলপূৰ্বক ধৰ্ষনৰ চেষ্টা কৰে।কিন্তু মহিলা গৰাকীয়ে লগে লগে চিঞৰ বাখৰ কৰাত গাঁৱৰ ৰাইজ ওলাই আহে।
পিছত স্থানীয় ৰাইজে লম্পট মনিৰ উদ্দিনক উত্তম মাধ্যম দি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত লাহৰীঘাট আৰক্ষী উপস্থিত হোৱাত মনিৰ উদ্দিনক স্থানীয় ৰাইজে আৰক্ষীক গতাই দিয়ে।
ইনপুট-ওৱাছিম হুছেইন