খাদ্য দিবলৈ যাওঁতে কুকুৰৰ কৰিলে আক্ৰমণ ! নিজকে বচাবলৈ গৈ তৃতীয় মহলাৰ পৰা পৰি চুইগি ডেলিভাৰী বয়ৰ মৃত্যু

0
975

খাদ্য দিবলৈ যাওঁতে কুকুৰৰ কৰিলে আক্ৰমণ ! নিজকে বচাবলৈ গৈ তৃতীয় মহলাৰ পৰা পৰি চুইগি ডেলিভাৰী বয়ৰ মৃত্যু

হায়দৰাবাদত কুকুৰৰ আক্ৰমণৰ ফলত এজন চুইগি ডেলিভাৰী যুৱকৰ মৃত্যুৰ পিছত উতপ্ত পৰিস্থিতি সৃষ্টি হৈছে। দৰাচলতে বানজাৰা হিলচ এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ পৰা পৰি যুৱক জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । তাৰ পিছতে যুৱক জনৰ মৃত্যু হয়। জানিব পৰা মতে ঘটনাটো ১১ জানুৱাৰীত সংঘটিত হৈছিল।

১১ জানুৱাৰীৰ দিনা ২৩ বছৰীয়া মহম্মদ ৰিজৱানে বানজাৰা হিলচ এপাৰ্টমেণ্টৰ তৃতীয় মহলাত খাদ্যৰ এটা পাৰ্চেল দিবলৈ গৈছিলে। সেই সময়তে ব্যক্তিজনৰ ঘৰত থকা পোহনীয়া কুকুৰটোৱে যুৱক জনক আক্ৰমণ কৰিবলৈ আহিছিল।কুকুৰটো এটা জাৰ্মান শ্বেফৰ্ড আছিল। আৰু কুকুৰটোক বান্ধি থোৱা নাছিল।

কুকুৰটোৱে আক্ৰমণ কৰাৰ বাবে যুৱক জনে নিজকে প্ৰাণ ৰক্ষা কৰিবৰ বাবে ৰেলিঙত জঁপিয়াবলৈ চেষ্টা কৰিছিল কিন্তু দুৰ্ভাগ্যৱশত:যুৱকজন পিছলি গৈ তৃতীয় মহলাৰ পৰা তলত পৰি গৈছিল।

গ্ৰাহকজনে লগে লগে এম্বুলেন্স মাতিছিল আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰিজৱানক নিজামৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছিল। কিন্তু আজি চিকিৎসাধীন অৱস্থাত ৰিজৱানৰ মৃত্যু হয়।

ৰিজৱানৰ মৃত্যুৰ পিছতে আৰক্ষীয়ে কুকুৰটোৰ গৰাকী শোভানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ইফালে ঘটনাৰ পিছতে তেলেংগানা গিগ আৰু প্লেটফৰ্ম ৱৰ্কৰ্ছ ইউনিয়নে কৰ্মী ক্ষতিপূৰণ আইনৰ অধীনত প্ৰায় ২২ লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰিছে।