
প্ৰথমবাৰৰ কাৰণে নিৰ্মাণ কৰা হ’ল সোণৰ মুদ্ৰা উলিওৱা এটিএম; এবাৰত ০.৫ গ্ৰামৰ পৰা ১০০ গ্ৰামলৈকে উলিয়াব পাৰিব সোণৰ মুদ্ৰা
আপুনি এটিএমলৈ গৈ টকা উলিয়ালে কাৰ্ডখন মেচিনত সুমুৱাই ক’ড দিয়াৰ লগে লগে নোট ওলাই আহে। কিন্তু কল্পনা কৰকচোন যদি টকাৰ সলনি সোণৰ মুদ্ৰা ওলাবলৈ আৰম্ভ কৰে হয়।
এতিয়া হায়দৰাবাদতো একেই কথা দেখা যাব। আচলতে ইয়াত এটা কোম্পানীয়ে বিশ্বৰ প্ৰথমটো ৰিয়েল টাইম গোল্ড এটিএম স্থাপন কৰিছে। ইয়াৰ দ্বাৰা ধন নহয়, সোণহে পোৱা যাব।
তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত প্ৰথমটো গোল্ড এটিএম স্থাপন কৰা হৈছে। ইয়াক স্থাপন কৰিছে সোণ ক্ৰয় আৰু বিক্ৰী কৰা কোম্পানী গোল্ড কইনে। সোণৰ বিনিয়োগ আৰু অধিক সহজ কৰি তোলাৰ লক্ষ্যৰে কোম্পানীটোৱে এই পদক্ষেপ গ্ৰহণ কৰিছে।
এই Gold ATM ৰ পৰা। এজনে এবাৰত ০.৫ গ্ৰামৰ পৰা ১০০ গ্ৰামলৈকে সোণৰ মুদ্ৰা উলিয়াব পাৰে। বিশেষ কথাটো হ’ল এই সকলোবোৰ মুদ্ৰা হ’ব ২৪ কেৰেট সোণৰ২৪ ঘণ্টাই সেৱা উপলব্ধ হ’ব।
বিজনেছ টুডেৰ এক প্ৰতিবেদন অনুসৰি গোল্ড এটিএমৰ পৰা বিতৰণ কৰা সোণৰ মূল্য লাইভ মাৰ্কেট ৰেটৰ ভিত্তিত আপডেট কৰা হ’ব। অৰ্থাৎ বজাৰ মূল্য অনুসৰিহে ইয়াৰ পৰা সোণ উলিয়াব পাৰি। কোম্পানীটোৱে জনোৱা মতে, যিকোনো গ্ৰাহকে লেনদেনৰ বাবে নিজৰ ডেবিট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব।