চাঞ্চল্যকৰ ঘটনা ! চিনেমাৰ কৌশলেৰে দুৰ্বৃত্তই চুৰি কৰিলে টকা ভৰ্তি এটিএম মেচিন

0
52

চাঞ্চল্যকৰ ঘটনা ! চিনেমাৰ কৌশলেৰে দুৰ্বৃত্তই চুৰি কৰিলে টকা ভৰ্তি এটিএম মেচিন

ৰাজস্থানৰ জয়পুৰত এটা এটিএম মেচিন চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছে। ইয়াত প্ৰায় ৬ ৭ দন দুৰ্বৃত্তই প্ৰথমে এটিএম মেচিনটো দাঙি তাৰ পিছত বাহনখনত টকাৰে ভৰ্তি এটিএমটো উঠাই লৈ আৰামেৰে পলাই গৈছিল।চিনেমাৰ দৰে কৈশন প্ৰয়োগ কৰা এই এটিএম ডকাইতিৰ ঘটনাটো চিচিটিভিত বন্দী হৈছিল।

ঘটনাটো বাগৰু আৰক্ষী থানাৰ লিংক ৰোডৰ। ইয়াত বেংক অফ বৰোদাৰ এটিএম যন্ত্ৰটো লক্ষ্য কৰা হৈছে। তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা প্ৰায় ৩ বজাত ৬ ৭ জনীয়া এটা দুৰ্বৃত্তৰ দলে এটিএম বুথত উপস্থিত হৈছিল। তাৰ পিছত মেচিনটোৰ বোল্টবোৰ খুলি গেছ কাটাৰেৰে এটিএম মেচিনটো কাটি দিয়ে।

ইয়াৰ পিছত,তেওঁলোকে পিকআপ ভানখনত টকাৰে ভৰ্তি এটিএমটো উঠাই পলাই যায়।ঘটনাটো তাত স্থাপন কৰা এটা চিচিটিভি কেমেৰাত বন্দী হৈছিল। ঘটনাটোৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰিছে। কিন্তু বৰ্তমান লৈকে কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই।