এটিএম চোৰৰ দপদপনি, চিচি কেমেৰাত নীলা ৰঙৰ স্প্ৰে মাৰি লুটি নিলে ধন

0
3983
এটিএম চোৰৰ দপদপনি, চিচি কেমেৰাত নীলা ৰঙৰ স্প্ৰে মাৰি লুটি নিলে ধন

এটিএম চোৰৰ দপদপনি, চিচি কেমেৰাত নীলা ৰঙৰ স্প্ৰে মাৰি লুটি নিলে ধন

এটিএম চোৰৰ দপদপনি, চিচি কেমেৰাত নীলা ৰঙৰ স্প্ৰে মাৰি লুটি নিলে ধন। ভাৰতীয় ষ্টেট বেংকৰ এটিএমত নীলা ৰঙৰ স্প্ৰে মাৰি মেছিনেৰে কাটি টকা থকা ATM টোকেই দাঙি নিলে চোৰে।

লখিমপুৰৰ নাওবৈচাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নাওবৈচাৰ কলেজ তিনিআলিত থকা ভাৰতীয় ষ্টেট বেংকৰ এটিএম দাঙি নিলে চোৰে ।

নিশা কাৰ্ফিউ চলি থকাৰ মাজতে এটিএম চুৰি হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটিএমটোৰ বাহিৰৰ চিচি টিভি কেমেৰাতো নীলা স্প্ৰে মাৰি ছাটাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে।

উল্লেখ্য যে, কেইদিনমান পূৰ্বেও নাওবৈচাৰ ষ্টেট বেংকটোৰ শাখাতো চোৰে দুবাৰকৈ চুৰিৰ চেষ্টা কৰিছিল যদিও বিফল হৈছিল। তাৰ পাছতো সতৰ্ক নহল নাওবৈচা আৰক্ষী। আৰু কালি ১ ছেপ্তেম্বৰ তাৰিখে সম্পূৰ্ণ টকা ভৰ্তি এটিএমটোৱেই চোৰে দাঙি নিয়ে।

Input and Photo- Hassinur Alom

আৰু পঢ়ক : সাৱধান! দেশত পুনৰ কৰ’ণাৰ সংহাৰ আৰম্ভ – দুটা মাহৰ পিছত পুনৰ মৃতকৰ সংখ্যা ৫০০ৰ অধিক