
‘যদি মই মোৰ মনে বিচৰা পাত্ৰী পাওঁ, তেতিয়া বিয়া পাতিম!’- ৫২ বছৰ বয়সত ৰাহুল গান্ধীয়ে হঠাৎ প্ৰকাশ কৰিলে বিয়া বাবে কেনেকুৱা ছোৱালী বিচাৰি আছে…
ৰাহুল গান্ধীয়ে তেওঁৰ প্ৰায় দুটা দশকৰ ৰাজনৈতিক কেৰিয়াৰত বহুবাৰ এই ব্যক্তিগত প্ৰশ্নৰ সন্মুখীন হৈছে। সদায় এই প্ৰশ্নটোত হাঁহি মাৰি প্ৰশ্নটোৰ ফালৰি কাটি আহে তেওঁ। তেওঁ কৈ আহিছে যে তেওঁৰ জীৱনত “কোনো বিশেষ” নাই। কংগ্ৰেছৰ সাংসদজনে এবাৰ কৈছিল- “যদি মই মোৰ মনে বিচৰা পাত্ৰী পাওঁ, তেন্তে বিয়া পাতিম।’’
ভাৰত জোড়ো যাত্ৰাকালতে ৰাহুলে ব্যক্তিগত প্ৰশ্নৰো সন্মুখীন হৈছে। কেইদিনমান আগতে তেওঁ তেওঁ কেনে ধৰণৰ যুৱতী ভাল পায় সেই বিষয়ে মুখ খুলিছিল। ৰাহুলে হাঁহি এটা মাৰি এই বিষয়ে কৈছিল।
‘কাৰ্লি টেলছ’ক দিয়া এক সাক্ষাৎকাৰত ৰাহুলে বিবাহৰ বিষয়টোৰ বিষয়ে মুকলিকৈ কৈছিল। সোমবাৰে এই সাক্ষাৎকাৰ প্ৰকাশ হৈছিল। ৰাহুল গান্ধীয়ে তাত কৈছে- “যেতিয়া মই সঠিক পাত্ৰী বিচাৰি পাম, তেতিয়াই বিয়া কৰাম।’’
ৰাহুলৰ মুখত এই কথা শুনি প্ৰশ্নকৰ্তাই সুধিলে, “আপুনি কেনে ধৰণৰ যুৱতী ভাল পায় তাৰ এখন তালিকা আছে নেকি?” সাংসদজনে উত্তৰ দিছিল, “নাই, কিন্তু তেওঁ এগৰাকী ভাল মানুহ হ’ব লাগিব। বুদ্ধিমান হ’ব লাগিব।’’
ইয়াৰ পূৰ্বেও ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত ৰাহুলেও এই সন্দৰ্ভত মুখ খুলিছিল। তেওঁ কৈছিল- “এইটো এটা অতি ধেমেলীয়া প্ৰশ্ন। মই এনে এগৰাকী মহিলা বাছনি কৰিম যাৰ মোৰ মাতৃ (ছোনিয়া গান্ধী) আৰু আইতা (ইন্দিৰা গান্ধী) দুয়োৰে গুণ থাকিব।’’