চৰ্চাত ‘মহাকালৰ চৰকাৰ’, কেবিনেট বৈঠকৰ চকীত ভগৱানৰ ছবি

0
84

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পূৰ্বে মঙলবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সভাপতিত্বত অনুষ্ঠিত হয় কেবিনেট বৈঠক। বৈঠকৰ সময়ত এখন চকীত ‘মহাকাল’ৰ ফটো স্থাপন কৰা বিষটোৱে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

এই বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, ‘এইখন মহাকাল মহাৰাজৰ চৰকাৰ, যি ইয়াৰ ৰজা… তেওঁৰ সকলো সেৱক মহাকাল মহাৰাজৰ ভূমিত এখন সভালৈ আহিছে’।

আমাৰ সকলোৰে বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত। মহাকাল মহাৰাজৰ চৌহদ সম্প্ৰসাৰণ কৰা হ’ব বুলি আমি কল্পনা কৰিছিলো বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে উজ্জয়িনত ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হৈছে, য’ত ভগৱান শিৱক উৎসৰ্গা কৰা এটা প্ৰসিদ্ধ মন্দিৰ আছে।

দৰাচলতে ১১ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উজ্জয়িনত ৭৫০ কোটি টকাৰ মহাকালেশ্বৰ মন্দিৰ কৰিডৰ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰিব।

৯০০ মিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰত শিৱ, শক্তি আৰু আন ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত প্ৰায় ২০০ টা প্ৰতিমূৰ্তি আৰু চিত্ৰ থাকিব।