24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মুখ্যমন্ত্ৰী সোণোৱাল, ৰিপুন বৰা, অখিল, লুৰীণৰ লগতে কেইবাজনৰো ভাগ্য নিৰ্ণয় কৰিব ২৭ মাৰ্চৰ নিৰ্বাচনে

    মুখ্যমন্ত্ৰী সোণোৱাল, ৰিপুন বৰা, অখিল, লুৰীণৰ লগতে কেইবাজনৰো ভাগ্য নিৰ্ণয় কৰিব ২৭ মাৰ্চৰ নিৰ্বাচনে

    অসম বিধানসভা নিৰ্বাচনৰ বাবে শনিবাৰে প্ৰথম পৰ্যায়ৰ ৪৭ টা সমষ্টিত ৰাতিপুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ সাধাৰণ জনতাৰ লগতে ৰাজনৈতিক বিশ্লেষকসকলে বিশেষ দৃষ্টি ৰাখিছে। কিয়নো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কেইবা গৰাকীও হেভিৱেইট প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।

    সকলোৱে চকু দি থকা প্ৰাৰ্থী কেইগৰাকীৰ ভিতৰত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামী, প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ ৰিপুন বৰা, ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ।

    ইয়াৰ উপৰি আছে অগপ সভাপতি অতুল বৰা, কেশৱ মহন্ত, জাতীয় পৰিষদৰ জগদীশ ভূঞা আৰু চিত্তৰঞ্জন বসুমতাৰী।

    ইয়াৰে বেছিভাগ সমষ্টিতেই বিজেপি-অগপ মিত্ৰজোঁট, কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট আৰু নৱগঠিত অসম জাতীয় পৰিষদৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।

    উজনি অসম আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ১২ খন জিলাত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে ৩৯ খনত আৰু তেওঁলোকৰ সহযোগী দল অগপই ১০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। দুয়োটা দলে দুখন আসনত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

    কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে গোটেই কেইখন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰে কংগ্ৰেছে ৪৩ খনত, এ আই ইউ ডি এফ, চিপিআই(এমএল-এল) আৰু আঞ্চলিক গণ মৰ্চাই এখন এখন আসনত নিৰ্বাচন খেলিছে।

    ইফালে নৱগঠিত অসম জাতীয় পৰিষদে ৪১ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু নিৰ্দলীয়ৰূপে ৭৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে।  

    উল্লেখ্য যে, ৪৭ টা সমষ্টিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অধিকাংশ আসনেই বিজেপিয়ে দখল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ লগতে অপিনিয়ন প’ল সমূহত প্ৰকাশ পাইছে।   

    আৰু পঢ়ক : কাম দিয়াৰ চলেৰে ৪০ হাজাৰ টকাক খুড়াকে বিক্ৰী কৰিলে ভতিজীক…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং