Breaking: খেলো ইণ্ডিয়াত অসমৰ শিৱাংগী শৰ্মাৰ বৰ্তমানলৈ ৩টা স্বৰ্ণপদক অৰ্জন

উল্লেখ্য যে শুকুৰবাৰে আৰম্ভ হোৱা সাঁতোৰৰ প্ৰথম দিনটোতে দুটাকৈ ব্যক্তিগত স্বৰ্ণপদক অৰ্জন কৰে

0
55

গুৱাহাটীত অনুষ্ঠিত তৃতীয় বৰ্ষৰ ৰাষ্ট্ৰীয় খেলো ইণ্ডিয়া য়ুথ গেমছত অসমৰ শিৱাংগী শৰ্মাৰ সাঁতোৰত বৰ্তমানলৈকে ৩টাকৈ সোণৰ পদক অৰ্জন। শনিবাৰে ৪০০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত সোণৰ পদক আজুৰিবলৈ সক্ষম হয় সাঁতোৰবিদগৰাকীয়ে।

উল্লেখ্য যে শুকুৰবাৰে আৰম্ভ হোৱা সাঁতোৰৰ প্ৰথম দিনটোতে দুটাকৈ ব্যক্তিগত স্বৰ্ণপদক অৰ্জন কৰে। সৰু সজাইত অনুষ্ঠিত ছুইমিঙৰ ২১ বছৰৰ অনুৰ্ধ্বত মহিলাৰ ২০০ আৰু ৮০০ মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণপদক লাভ শিৱাংগীৰ। আন তিনিটা ইভেন্ট ক্ৰমে ৫০, ১০০ আৰু ৪০০ মিটাৰ ফ্ৰী ষ্টাইলতো স্বৰ্ণ অৰ্জন অসমৰ শিৱাংগী শৰ্মাৰ। বিগত বৰ্ষৰ ছাফ গেমছতো স্বৰ্ণপদক জয় কৰিছিল অসমৰ সন্তৰণবীদ গৰাকীয়ে। বৰ্তমানলৈ ৯টা হ’ল অসমৰ স্বৰ্ণ পদকৰ সংখ্যা।

Photo credit: AIR News Guwahati