দুলীপ ট্ৰ’ফী : পূব মণ্ডল দলত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগ আৰু মুখতাৰ হুছেইনৰ

0
1190

অহা ৮ ছেপ্তেম্বৰৰ পৰা ২৫ ছেপ্তেম্বৰলৈকে চলিব লগীয়া ২০২২-২৩ বৰ্ষৰ দুলীপ ট্ৰফীৰ বাবে ঘোষণা কৰা হ’ল পূব মণ্ডল দল।

১৫ জনীয়া দলটোত স্থান লাভ কৰিছে অসমৰ তাৰকা ক্ৰিকেটাৰ তথা আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলা ৰিয়ান পৰাগ আৰু অসমৰ অন্যতম প্ৰতিভাৱান বেগী বলাৰ মুখতাৰ হুছেইনে।

আজি ঝাৰখণ্ডৰ ৰাঁচীত ইষ্ট জ’ন নিৰ্বাচক সমিতিৰ বৈঠকত দলটো গঠন কৰা হয়।

পূব মণ্ডলক নেতৃত্ব প্ৰদান কৰিব প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা পশ্চিম বংগৰ অনুভৱী বেটছমেন মনোজ তিৱাৰীয়ে।

দলটো এই ধৰণৰ-মনোজ তিৱাৰী (অধিনায়ক), বিৰাট সিং, নাজীম চিদ্দিক, সুদীপ কুমাৰ ঘৰামী, শান্তনু মিশ্ৰা, অনুষ্টুপ মজুমদাৰ, ৰিয়ান পৰাগ, কুমাৰ কুশাগ্ৰা, অভিষেক পোৰেল, শ্বাহবাজ আহমেদ, শ্বাহবাজ নাদীম, ইষাণ পোৰেল, আকাশ দীপ, মুখতাৰ হুছেইন আৰু মণি শংকৰ মুৰা সিং।