অহা ১৮ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। ইতিমধ্যে শাসক-বিৰোধী দলে নিজৰ নিজৰ প্ৰাৰ্থীক লৈ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে।
বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে দ্ৰৌপদী মুৰ্মুক আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহাই ৰাষ্ট্ৰপতি আসনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে।
এই দুজনৰ উপৰি ৰাষ্ট্ৰপতি আসনৰ বাবে মুঠ ৫৬জন ব্যক্তিয়ে মনোনয়ন দাখিল কৰিছে।
মূলতঃ দ্ৰৌপদী মুৰ্মু, যশোৱন্ত সিনহাক লৈ দেশজুৰি চৰ্চা চলি থকাৰ মাজতে অসমৰ এজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা খবৰটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অসমত।
ৰাষ্ট্ৰপতিৰ দৌৰত নমা অসমৰ যুৱকজনৰ নাম হৈছে ৰাজু দাস (৪৬)। জানিব পৰা মতে, হাইলাকান্দিৰ নিবাসী ৰাজু দাসে সোমবাৰে মনোনয়ন দাখিল কৰে আৰু নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়াই তেওঁৰ মনোনয়ন গ্ৰহণ কৰিছে।
উল্লেখ্য যে, মনোনয়নৰ বাবে ৫০ জন প্ৰস্তাৱক আৰু ৫০ জন সমৰ্থক লাগে যদিও ৰাজু দাসৰ প্ৰস্তাৱক আৰু সমৰ্থক কোন সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
ইফালে ৰাষ্ট্ৰপতি নিৰ্বাচনত সাংসদ আৰু বিধায়কসকলে ভোটাধিকাৰ সাব্যস্ত কৰে যদিও ৰাজু দাসে অসমৰ কোন কোন বিধায়ক-সাংসদৰ সমৰ্থন লাভ কৰিছে সেয়াও চিন্তনীয় বিষয়।
স্মৰ্তব্য যে ২০২১ বিধানসভা নিৰ্বাচনত ৰাজু দাসে আলগাপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।