অসমত ভয়াবহ ৰূপত সংক্ৰমণ, মঙলবাৰৰ দিনটোত ৮৫ গৰাকীয়ে হেৰুৱালে প্ৰাণ

0
2295
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; দেৱালীৰ পূৰ্বে এইসকল চিকিৎসকে লাভ কৰিব ১.২১ লাখ টকা
প্ৰতীকি ফটো

অসমত ভয়াবহ ৰূপত সংক্ৰমণ, মঙলবাৰৰ দিনটোত ৮৫ গৰাকীয়ে হেৰুৱালে প্ৰাণ

দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ।

অসমত মঙলবাৰৰ দিনটোত নতুনকৈ ৬,২৫৮ গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাত ৰাজ্যখনত আক্ৰান্তৰ মুঠ সংখ্যা ৩,০৪,৪২৯ লৈ বৃদ্ধি পায়।

ইফালে আজিৰ দিনটোত কৰ’ণাৰ ফলত ৮৫ গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰাৰ সংখ্যা হৈছে ৪,৪০৯ গৰাকী।

অসমত এই পৰ্যন্ত কৰ’ণাৰ ফলত মুঠ ১,৮৩৮ গৰাকীয়ে মৃত্যুবৰণ কৰাৰ বিপৰীতে ২,৬১,৯৮০ গৰাকীয়ে আৰোগ্য লাভ কৰিছে।  

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে এই কথা জানিবলৈ দিয়ে।

আজি আক্ৰান্তৰ সংখ্যাৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,৫৮৫ গৰাকী, কামৰূপ গ্ৰাম্যত ৫২৭ গৰাকী, ডিব্ৰুগড়ত ৫০৭ গৰাকী আৰু নগাঁওত ৩১৩ গৰাকী আকৰান্ত হয়।

জানিব পৰা মতে আজিৰ দিনটোত ৰাজ্যখনত মুঠ ৬৮,৫৭২ গৰাকী লোকৰ কৰ’ণা টেষ্ট কৰা হৈছিল। এতিয়ালৈকে অসমত মুঠ ৯২,১৭,৫১০ গৰাকী লোকৰ কৰ’ণা টেষ্ট কৰা হৈছে।

আৰু পঢ়ক : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত প্ৰথমখন কেবিনেট, নিবনুৱা আৰু মাইক্ৰ’ফাইনেঞ্চ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত