28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আজি অসমত ৭৩ গৰাকীয়ে প্ৰাণ হেৰুৱালে কভিডত, ৫৮৩৫ গৰাকী আক্ৰান্ত

    দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। অসমত মঙলবাৰৰ দিনটোত নতুনকৈ ৫৮৩৫ গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

    ইফালে আজিৰ দিনটোত কৰ’ণাৰ ফলত ৭৩ জন ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

    আজি আক্ৰান্তৰ সংখ্যাৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৯২১ গৰাকী আক্ৰান্ত হৈছে।

    অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে এই কথা জানিবলৈ দিয়ে।

    জানিব পৰা মতে আজিৰ দিনটোত ৰাজ্যখনত মুঠ ৯০২৫১ গৰাকী লোকৰ কৰ’ণা টেষ্ট কৰা হৈছিল। আৰোগ্যৰ হাৰ হৈছে ৮৫.৩১ শতাংশ।

    উল্লেখ্য যে ৰাজ্যত কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে বিভিন্ন কঠোৰ নীতি-নিয়ম প্ৰযোজ্য কৰিছে।

    চহৰ-নগৰ অঞ্চল সমূহ দিনৰ ১১ বজাৰ পৰা দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি বন্ধ ৰখাৰ লগতে দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য হৈ আছে।

    আনহাতে গ্ৰাম্যাঞ্চল সমূহত দিনৰ ২ বজাত দোকান বন্ধ আৰু সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য হৈ আছে।

    এই ধৰণৰ কঠোৰ নিয়মৰ মাজতেই অহা শুকুৰবাৰৰ পৰা আন্তঃজিলা পৰিবহন সেৱাও বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।

    আৰু পঢ়ক : হোম আইছ’লেশ্যনত থকা এগৰাকী ৭০ বছৰীয়া বৃদ্ধ লোকৰ আত্মহত্যা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং