
আগন্তুক বিধানসভা নিৰ্বাচন সমাগত । এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই বি টি চি নিৰ্বাচন । ইয়াৰ মাজতে লকডাউন আৰু ক’ৰণা মহামাৰীৰ বাবে এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচন পিছুৱাই দিয়া হয় ।
২৩ চেপ্তেম্বৰত দিছপুৰ প্ৰেছ ক্লাৱত বি টি চি নিৰ্বাচনক লৈ কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ নেতৃত্বত এক সংবাদমেল অনুষ্ঠিত হয় । এই সংবাদমেলত অংশ গ্ৰহণ কৰি শৰণীয়াই কয় যে ”চৰকাৰৰ দুজন মন্ত্ৰীয়ে ক’ভিড নিয়ম ভংগ কৰি নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিছে।ক’ভিড ১৯ৰ বাবে আমি বহুল সভা নিবিছাৰো” ।
সাংসদ গৰাকীয়ে কয় যে ”ৰাজ্যপালৰ শাসন আৰু বাঢ়িব নালাগে। বিটিচিত নিৰ্বাচন পাতিব লাগে। আমি নিৰ্বাচন পতাটো বিছাৰিছো। এই ক্ষেত্ৰত আজি নিৰ্বাচনী আয়োগক পত্ৰ দিম ”।
লগতে কয় যে নিৰ্বাচন নোহোৱালৈকৈ বি টি আৰ চুক্তি কাৰ্যকৰী নহয়। তদুপৰি বিটিচিত নিৰ্বাচন হ’লে নৱ শৰনীয়া জয়ী হ’ব বুলি সংবাদ মেলত দাবী কৰে শৰণীয়াই । ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি আমি বিটিচিৰ সংবিধান সলনি কৰি হ’লেও ৰাইজৰ উন্নয়ন কৰিম ”।
শৰণীয়াই কয় যে ”বিটিএডিত কোনো কাৰনতে অসমীয়া ভাষা দ্বিতীয় ভাষা হব নোৱাৰে ” ।
Photo credit : Time8