16 C
Guwahati
Friday, December 3, 2021
More

    ভৱিষ্যতে অসমীয়া ভাষা থাকিবনে ? অসমীয়া ভাষা মচি তাৰ ঠাইত- ‘বাংলা লিখুন’…

    ভৱিষ্যতে অসমীয়া ভাষা থাকিবনে ? অসমীয়া ভাষা মচি তাৰ ঠাইত- ‘বাংলা লিখুন’…

    ভৱিষ্যতে অসমীয়া ভাষা থাকিবনে ? অসমীয়া ভাষা মচি তাৰ ঠাইত- ‘বাংলা লিখুন’। ক’লা ৰঙেৰে মচি পেলালে অসমীয়া ভাষা। অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ দিয়া নহব বুলি হুংকাৰ।

    বৰাকত অসমীয়া চলবে না, অসমীয়া লিখুন- এই হুংকাৰ বাংলা ডেম’ক্ৰেটিক য়ুথ ফ্ৰণ্ট আৰু এবিৱাইএছ নামৰ বৰাকৰ দুটা সংগঠনৰ।

    বৰাকৰ শিলচৰ ৰে’ল ষ্টেচনৰ সন্মুখত থকা জল জীৱন মিছনৰ এখন অসমীয়া ভাষাৰ চৰকাৰী ফলক ক’লা ৰঙেৰে মচি তাৰ ঠাইত বাংলা ভাষা ব্যৱহাৰৰ হুংকাৰ সংগঠন দুটাৰ।

    দেওবাৰে দিনৰ ভাগতে সকলোৰে সমুখতেই এনে কাম কৰি সংগঠন দুটাই অসমীয়া ভাষাৰ পোষ্টাৰ বৰাকত ব্যৱহাৰ কৰাৰ তীব্ৰ প্ৰতিবাদ স্যবস্ত কৰে।

    বাঙালী সংগঠন দুটাৰ মতে, বৰাকত অসমীয়া ভাষাৰ পোষ্টাৰ ব্যৱহাৰ কৰি তেওঁলোকে বাঙালী জাতিৰ লগতে বাঙালী ভাষাক অপমান কৰিছে।

    যি কাৰ্যৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তোলপাৰ লাগি গৈছে। সকলোৱে মন্তব্য কৰিছে, অসমতে অসমীয়া ভাষা এলাগী।

    কোনোৱে আকৈ কৈছে এয়া অতিকে দুৰ্ভাগ্যজনক! অসমীয়া ভাষাক ক’লা ৰং সানি দুৰ্ঘোৰ অপমান এয়া ৷

    ১৯৬১ চনৰ ভাষা আইনৰ পিছত অসমতেই বৰ্তমানে অসমীয়া ভাষাৰ এই অৱস্থা।

    আৰু পঢ়ক : আজি কাতি বিহু, পুৱাই উঠি তুলসী পুলি ৰোৱাত ব্যস্ত অসমবাসী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং