সুখবৰঃ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমীয়া ছবি ‘ব্ৰীজ’ৰ প্ৰিমিয়াৰ

বিদেশৰ ভূমিৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন হ'বলগীয়া 'ব্ৰীজ' ছবিখনৰ এইটোৱেই হ'ব প্ৰথম ৰাজহুৱা প্ৰদৰ্শন

0
305

অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে সুখবৰ।

ছানফ্ৰাঞ্চিস্ক’ৰ অকলেণ্ড চহৰত ২৩ ছেপ্টেম্বৰৰ স্থানীয় সময় অনুসৰি নিশা ৯ বাজি ৫ বজাত ১৮ সংখ্যক অকলেণ্ড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱত প্ৰিমিয়াৰ হ’ব কৃপাল কলিতা পৰিচালিত অসমীয়া ছবি ‘ব্ৰীজ’ৰ।

ছবিখন প্ৰদৰ্শন জুমমিটযোগে দৰ্শকৰ লগত পোনে পোনে প্ৰশ্ন-উত্তৰ শিতানত অংশগ্ৰহণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে মহোত্সৱ উদ্যোক্তাই।

বিদেশৰ ভূমিৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন হ’বলগীয়া ‘ব্ৰীজ’ ছবিখনৰ এইটোৱেই হ’ব প্ৰথম ৰাজহুৱা প্ৰদৰ্শন।

ইতিমধ্যে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱত ব্ৰীজ ছবিখনৰ ভুমুকিয়ে ছবিখনৰ লগত জড়িত শিল্পী, কলা-কুশলীক তথা চলচ্চিত্ৰ অনুৰাগীক উত্সাহিত কৰি তুলিছে।

অসমৰ অৰ্থসামাজিক জীৱনৰ এক মননশীল বলিষ্ঠ কাহিনীৰে ব্ৰীজ ছবিখন নিৰ্মাণ কৰা হৈছে।

উল্লেখনীয় কথাটো হ’ল যে এই ছবিখনত সেইসকল শিল্পীয়ে অভিনয় কৰিছে যিসকল শিল্পীয়ে কেতিয়াও কেমেৰাৰ সন্মুখত অভিনয় কৰা নাছিল।

অসমৰ বিভিন্ন গাঁৱৰ পৰা নিৰ্বাচন কৰি প্ৰশিক্ষণ দি অভিনয়ৰ বাবে তেওঁলোকক সাজু কৰি তোলা হৈছে।

ছবিখনৰ লোকেচন আৰু ছাউম্ডৰ ব্যৱহাৰেৰে ব্ৰীজৰ শব্দ সংযোজন অতি বিশ্বাসযোগ্য আৰু শ্ৰুতিমধুৰ কৰি তুলিছে।

ঢকুৱাখনাৰ চাৰিজুৰীয়া নদী আৰু তাৰে সমীপৰ সোণাৰি চাপৰি গাঁৱৰ মাজত ৯ মাহ ধৰি ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে।

জোনাই, পবিতৰা আৰু গুৱাহাটীৰ বিভিন্ন স্থানত ছবিখনৰ কিছু দৃশ্য গ্ৰহণ কৰা হয়।

বহুদিন ধৰি নিৰবিচ্চিন্নভাৱে জড়িত হৈ থকা মঞ্চ, অনাতাঁৰ নাট, ধাৰাবাহিক, চিনেমা আদিৰ অভিনয় আৰু পৰিচালনাৰ সৈতে জড়িত হৈ থকা কৃপাল কলিতাই ‘ব্ৰীজ’ ছবিখনৰ পৰিচালনা কৰিছে।

পৰিচালনাৰ উপৰিও চিত্ৰনাট্য ৰচনা আৰু সংগীত পৰিচালনাও কৰিছে কৃপাল কলিতাই।

ছবিখনৰ প্ৰযোজনা কৰিছে ৰমাকুমাৰ দাস আৰু সবিতা দেবীয়ে। চিত্ৰগ্ৰহণ ৰমেন ৰাভাৰ। সম্পাদনা কিশোৰ ডেকাৰ।

Photo Credit: Kripal Kalita