
ছুপাৰ হিট ছবি ‘ৰত্নাকৰ’ ভাইৰেল ছচিয়েল মিডিয়াত। ফেচবুক লাইভযোগে যতীন বৰা আৰু নৱনীতা শৰ্মাই এই কথা জনালে। কোনো লোকে ছবিগৃহৰ পৰাই ফেচবুক আৰু ইউটিউবত ‘ৰত্নাকৰ’ৰ দৃশ্যাংশ ভাইৰেল কৰাৰ অভিযোগ উত্থাপন কৰিছে যতীন বৰাই।
ছবিখনৰ দৃশ্যাংশ ভাইৰেল হোৱাৰ পিছতে বৃহস্পতিবাৰে নিশা গীতানগৰ থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে যতীন বৰা আৰু নৱনীতা শৰ্মাই। ফেচবুক লাইভযোগে যতীন বৰাই এইদৰে ভিডিঅ’ৰেকৰ্ডিং নকৰিবলৈ বা আপলোড নকৰিবলৈ সকলোকে অনুৰোধ জনায়। যিয়ে ছবিখনৰ দৃশ্যাংশ আপলোড কৰিছে জে’ললৈ যাব লাগিব।