বিশ্বৰ আগশাৰীৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ জয়পুৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সুনাম বুটলিবলৈ সক্ষম হয় অসমীয়া ছবি পৰিচয় এ। এই ছবি মহোৎসৱত পৰিচয় নামৰ ছবিখনে তিনিটাকৈ সন্মানীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।
এই ছবি খন প্ৰাইড ইষ্ট এন্টাৰেটেইনমেন্ট প্ৰা.লি. ৰ বেনাৰত নিৰ্মিত আৰু প্ৰয়োজিত ৰিনিকি ভূঞা শৰ্মাৰ দ্বাৰা।লগতে ৰাজীৱ বৰঠাকুৰৰ দ্বাৰা পৰিচালিত আৰু জিন্টু ভট্টাচাৰ্যৰ দ্বাৰা চিত্ৰ নাট্য আৰু সংলাপ ৰচিত ।
উল্লেখ্য যে, এই ছবি খনে Best women film, yellow rose আৰু special jury mention তিনিটা বঁটা লাভ কৰিবলৈ সক্ষম হয়।
মহোৎসৱ কতৃপক্ষৰ তৰফৰ পৰা আজি আনুষ্ঠানিকভাৱে এই বঁটা ঘোষণা কৰা হয়। ১৫ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ অনুষ্ঠিত এই ছবি মহোৎসৱত ৪৪ খন দেশৰ ২৬৬ খন ছবিৰ মাজত পৰিচয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়।
আৰু পঢ়ক : “আছুৱে যদি ক’লা পতাকা দেখুৱাই তেতিয়া আমি গামোচা দেখুৱাম”-ৰঞ্জিত দাস