অক্সাৰৰ সম্ভাৱনীয় তালিকাত স্থান লাভ অসমীয়া চলচ্চিত্ৰ ‘ব্ৰীজ’ৰ

0
1599
অক্সাৰৰ সম্ভাৱনীয় তালিকাত স্থান লাভ অসমীয়া চলচ্চিত্ৰ ‘ব্ৰীজ’ৰ

অক্সাৰৰ সম্ভাৱনীয় তালিকাত স্থান লাভ অসমীয়া চলচ্চিত্ৰ ‘ব্ৰীজ’ৰ

অক্সাৰৰ বাবে ভাৰতীয় চলচ্চিত্ৰ নিৰ্বাচিত হোৱাৰ সম্ভাৱনীয় চলচ্চিত্ৰ তালিকাত স্থান লাভ কৰিছে পুৰস্কাৰ বিজয়ী অসমীয়া চলচ্চিত্ৰ ব্ৰীজে।

ব্ৰীজৰ লগতে এই তালিকাত অন্য ১২ খন ভাৰতীয় চলচ্চিত্ৰই স্থান লাভ কৰিছে যাৰ পৰা বিচাৰকে এখন চলচ্চিত্ৰক ভাৰতৰ পৰা অস্কাৰৰ বাঁচনিলৈ নিৰ্বাচিত কৰিব।

ব্ৰহ্মপুত্ৰৰ প্ৰতি থকা ভালপোৱা আৰু এগৰাকী কিশোৰীৰ বানপানীৰ সময়ৰ প্ৰত্যাহ্বান আৰু সংঘৰ্ষৰ বিষয়ৰ ওপৰত ব্ৰীজ নামৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰি উলিওৱা হৈছে।

কৃপাল কলিতাই চলচ্চিত্ৰখনৰ নিৰ্দেশনা কৰিছে। এখন দলঙক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ক্ষতি, হতাশা আদি বিষয়ক সুন্দৰকৈ উপস্থাপন কৰি ব্ৰীজ নামৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। উজনি অসমৰ লখিমপুৰ আৰু গোলাঘাটত চলচ্চিত্ৰখনৰ শ্বুটিং সম্পুৰ্ণ কৰা হৈছে।

৫১ সংখ্যক গোৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াত এই চলচ্চিত্ৰখনৰ প্ৰদৰ্শন কৰা হৈছিল। ৫১ সংখ্যক গোৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াত একমাত্ৰ অসমীয়া চলচ্চিত্ৰ হিচাপে ‘ব্ৰীজ’ প্ৰদৰ্শিত হৈছিল আৰু বিচাৰকৰ বিশেষ উল্লেখ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

আৰু পঢ়ক : অসমীয়া ভাষাৰ ওপৰত ক’লা চিয়াঁহী, বিডিওৱাইএফৰ বিৰুদ্ধে এজাহাৰ দাখিল কাছাৰ প্ৰশাসনৰ