20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত জিলিকিল অসমীয়া ছবি ‘ব্ৰীজ’…

    অসমীয়া ছবিৰ সংকটৰ সময়তে আন্তৰ্জাতিক পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে এখন অসমীয়া কথাছবি ‘ব্ৰীজে’। আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবি ‘ব্ৰীজে’ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মূলত অসমৰ বান সমস্যাৰ বিষয়ে তুলি ধৰিবলৈ চেষ্টা কৰিছিল নিৰ্মাতাই।

    ”অসমৰ প্ৰকৃত ছবিখন নিভাজভাৱে তুলি ধৰিবলৈ আমি চেষ্টা কৰিছিলো ছবিখনৰ জৰিয়তে। অসমৰ উন্নয়নত বানপানী এটা অন্তৰায় হৈ আছে। সেইটো ৰাষ্ট্ৰীয় সমস্যা হ’ব লাগে বুলি বহুদিনৰ পৰা চলি আহিছে। কিন্তু সেইটো হৈ উঠা নাই। বানপানীত কি হ’ব পাৰে সেইয়া মইও জানো। বানপানীক লৈ কিবা এটা কৰো বুলি ভাবিছিলো। আমাৰ ছবিখন কেৱল বানপানীক লৈয়ে নহয়, ইয়াত বানপানীটো উপস্থাপনহে কৰা হৈছে।” সংবাদমাধ্যমৰ সৈতে হোৱা কথা বাৰ্তাত ছবিখনৰ প্ৰসংগত এনেদৰে কয় পৰিচালক কৃপাল কলিতাই।

    ভাৰতীয় আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত ব্ৰীজে জুৰীৰ বিশেষ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰথমবাৰলৈ এনেদৰে আন্তৰ্জাতিক পৰ্যায়ত অসমীয়া ছবিয়ে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। গোৱাত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত নিজ হাতেৰে এই সন্মান গ্ৰহণ কৰে পৰিচালক কৃপাল কলিতাই।

    আৰু পঢ়ক : ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই স্পষ্ট কৰিব নোৱাৰিব আছুৰ স্থিতি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং